দৰিদ্ৰতাৰ কৰাল গ্রাসৰ পৰা মুক্তি পাবলৈ শিক্ষা লাগিবইঃ আব্দুল মান্নান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, March 10, 2019

দৰিদ্ৰতাৰ কৰাল গ্রাসৰ পৰা মুক্তি পাবলৈ শিক্ষা লাগিবইঃ আব্দুল মান্নান

বৰপেটাৰােডৰ গ্ল’বেল ইনষ্টিটিউটৰ দ্বিতীয় বার্ষিক অধিৱেশন সম্পন্ন
বৰপেটাৰােড : শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত দৰিদ্ৰতা কেতিয়াও হেঙাৰ হব নােৱাৰে। বৰঞ্চ দৰিদ্ৰতাৰ পৰা মুক্ত পাবলৈ শিক্ষা লাগিবই। ইয়াৰ বাবে শিক্ষিত সমাজৰ যথেষ্ট কৰণীয় আছে। যিসকলে জাতীয়, সামাজিক, শৈক্ষিক, অর্থনৈতিক, ৰাজনৈতিক আদিৰ নেতৃত্ব লৈছে তেওঁলােকেই সমাজৰ শিক্ষাৰ ক্ষেত্ৰত উত্তৰণৰ হকে কাম কৰিব লাগিব। এই মন্তব্য— গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক আব্দুল মান্নান।


গুণগত মানদণ্ডৰে উচ্চ শিক্ষাৰ প্রতিশ্রুতিৰে বাণিজ্য নগৰী বৰপেটাৰােডৰ উত্তৰ পাৰত তথা আল-আমিন নগৰস্থিত বিজ্ঞান আৰু কলা শাখাৰ এক অনন্য উচ্চ শিক্ষা প্রতিষ্ঠান গ্ল’বেল ইনষ্টিটিউটৰ দ্বিতীয় বার্ষিক অধিৱেশনৰ মুকলি সভাত মুখ্য অতৃিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট বুদ্ধিজীৱি, সাহিত্যিক তথা শিক্ষাবিদ আব্দুল মান্নানে এনে গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে শিক্ষা প্রতিষ্ঠানটোৰ অধীনত চলি থকা ডি এল এড প্রশিক্ষার্থীসকলৰ বিদায়ী সম্ভাষণ জনােৱাৰ লগত সংগতি ৰাখি কালিৰে পৰা দুদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে দ্বিতীয় বার্ষিক অধিৱেশন আৰু ডি এল এড প্রশিক্ষার্থীসকলৰ বিদায়ী সম্ভাষণ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানৰ আজি অন্তিম দিনৰ কার্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত হালাকুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ৰবিউল ইছলাম ছেলিমৰ পৰিচালনাত অনুষ্ঠিত মত-বিনিময় অনুষ্ঠানটি সঞ্চালনা কৰে ফখৰুদ্দিন আলী আহমেদ মেমােৰিয়েল কলেজৰ প্ৰৱক্তা জহুৰ উদ্দিন আহমেদে। তাৰ পিছতেই আবেলি ২ বজাৰ পৰা গ্ল’বেল ইনষ্টিটিউটৰ সভাপতি মজিবুৰ ৰহমানৰ পৌৰহিত্যত অনুষ্ঠিত হয় অনুষ্ঠানৰ মূল কাৰ্যসূচী মুকলি আৰু বঁটা বিতৰণী সভা।


পৰিচালন সঞ্চালক আছৰব আলীয়ে আঁত ধৰা উক্ত সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপত তথা বিশিষ্ট সাহিত্যিক-বুদ্ধিজীৱী আব্দুল মান্নানে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ লগতে আমন্ত্রিত অতিথি হিচাপে এছ চি ই আৰ টি, অসমৰ যুটীয়া সঞ্চালক ডঃ এল এন সােণােৱাল, ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহযােগী অধ্যাপক তাইজুদ্দিন আহমেদ, গান্ধাৰীপাৰা হাই মাদ্ৰাছাৰ প্রাক্তন অধীক্ষক আবুল তালেব আহমেদ, বৰনগৰ কলেজৰ প্ৰৱক্তা ডঃ বিজন কুমাৰ কুণ্ডা, বৰপেটাৰােড জি এল চি কলেজৰ প্ৰৱক্তা ডঃ জয়া বিশ্বাস কুণ্ডা, জি এল চি কলেজৰ শিক্ষা বিভাগৰ মূৰব্বী অধ্যাপক আব্দুল ছেলিম, বাঁহবাৰী হাইস্কুলৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক আব্দুল জলিল আদি কৰি ভালকেইেগৰাকী শিক্ষাবিদ বুদ্ধিজীৱীয়ে অংশগ্রহণ কৰে। মুকলি সভাৰ অন্তত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ পিছতেই উক্ত অনুষ্ঠান সম্পন্ন হয়।


SPONSORED