আনন্দ বজাৰ, ৯ জুলাই,
বৰপেটা জিলাৰ চেংলীমাৰি গাওঁৰ ৯২ বছৰীয়া ধৰ্মপ্ৰাণ মহিলা, সাংবাদিক তথা সংবাদ প্ৰহৰীৰ মুখ্য সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকৰ আইতা সহৰ ভানুয়ে তিনি পুত্ৰ, তিনি কন্যাসহ পৰিয়ালৰ সকলোকে কন্দুৱাই চিৰদিনৰ বাবে জীৱন যুঁজত হাৰ মানি আজি দিনৰ প্ৰায় ১-৩০ বজাত নিজ বাসভৱনত ইহ সংহাৰ ত্যাগ কৰে৷
বাৰ্ধক্যজনিত কাৰণত মৃত্যুবৰণ কৰা মহিলা গৰাকীৰ জানাজা আজি আবেলিৰ ভাগত সমাপন হয় বুলি জানিব পৰা গৈছে৷ অঞ্চলটোৰ সহস্ৰ লোকে মহিলাগৰাকীৰ জানাজাত অংশ গ্ৰহণ কৰাৰ লগতে অশ্ৰু-অঞ্জলিৰে শেষ বিদায় জনায়৷ উল্লেখ্য যে বিগত কিছু দিনৰ পৰা শয্যাগত অৱস্থাত থকা সহৰ ভানুৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷ ইফালে বিভিন্ন দল-সংগঠনে মহিলাগৰাকীৰ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে৷
