"সতীৰ্থ"ৰ এখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন : স্মৃতিগ্ৰন্থৰ বাবে লিখনিৰ আহ্বান - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Sunday, October 13, 2019

"সতীৰ্থ"ৰ এখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন : স্মৃতিগ্ৰন্থৰ বাবে লিখনিৰ আহ্বান

বৰপেটা : নামনি অসমৰ এক উচ্চ শিক্ষানুষ্ঠান কালগাছিয়াস্থিত নৱজ্যোতি মহাবিদ্যালয়ৰ ছাত্ৰাবাসাৰ প্ৰাক্তন আবাসীৰ এক সামাজিক সংস্থা "সতীৰ্থ"ৰ এখন কাৰ্যনিৰ্বাহক সভা বৰপেটা ৰোডৰ গ্লোবেল ইনষ্টিটিউট ত অনুষ্ঠিত হৈ যায়। 


‘সতীর্থ’ৰ সভাপতি আজাদ হুচেইন শৰীফৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ আঁত ধৰে সম্পাদক ইনামুল হকে। অহা ডিচেম্বৰ মাহৰ ২৮ আৰু ২৯ তাৰিখে দুদিনীয়াকৈ প্ৰাক্তন আবাসীৰ এখন মিলন সমাৰোহৰ আয়োজন কৰা বুলি সম্পাদকে জানিবলৈ দিয়ে। 

সমাৰোহত সকলো প্রাক্তন আবাসীকে যোগদান নিশ্চিত কৰিবলৈ অনুৰোধ জনাই। সমাৰোহ উপলক্ষে প্ৰকাশ কৰিবলগীয়া স্মৃতি গ্ৰন্থৰ বাবেও লিখনি বিচৰা হয়। সকলো প্ৰাক্তন আবাসীকে 8638898450 আৰু 7002692398 নম্বৰৰ মোবাইল নং যোগে যোগাযোগ কৰিবলৈ আহ্বান কৰে।

No comments:

Post a Comment

SPONSORED