তামাৰহাটৰ হাতীধুৰাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, January 24, 2020

তামাৰহাটৰ হাতীধুৰাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

তামাৰহাট : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীক  আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাবেই এই প্ৰতিবাদ। কোকৰাঝাৰ জিলা আৰু গোঁসাইগাঁও সমষ্টি  যুৱ কংগ্ৰেছৰ উদ্যোগত শুক্ৰবাৰ সন্ধিয়া ৰূপায়ন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ।


অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীৰ বিৰুদ্ধে বিজেপি চৰকাৰ খনে চক্ৰান্ত মূলক ভাবে বিভিন্ন ধৰণৰ গোঁচৰ জাপি দিয়াৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাভ কৰা অগ্ৰীম  জামিনৰ নথি জমা দিবলৈ যাওঁতে  অগণতান্ত্ৰিক ভাবে আটক কৰা বুলি অভিযোগ কৰি প্ৰতিবাদ কাৰীয়ে বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবী জনায়। 
অন্যথায় তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি সকীয়াই দিয়ে প্ৰতিবাদী কাৰীয়ে।উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰাৰ উদ্দেশ্যে প্ৰতিকৃতি প্ৰস্তুত কৰে যদিও দাহ কৰাৰ পূৰ্বেই তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাধা প্ৰদান কৰে।

No comments:

Post a Comment

SPONSORED