গুৱাহাটী : শেহতীয়া ভাৱে সম্পন্ন হোৱা বিটিআৰক লৈ যেন সুখী নহয় বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী। সোমবাৰে সাংবাদিকৰ আগত বিটিআৰ চুক্তিক লৈ এবছুক কঠোৰ সমালোচনা কৰি হাগ্ৰামা মহিলাৰীয়ে কয় – যিদৰে ভাবিছিলো তেনেদৰে নহ’ল। এবছুৰ নেতৃত্বত সম্পন্ন হোৱা এই চুক্তি আমাক এবাৰলৈও দেখুওৱা নহ’ল।
আমাক নালাগে ৰঞ্জন দৈমাৰী, ধীৰেণ বড়ো অথবা বি চাউৰাইগ্ৰাকো দেখুওৱা নহ’ল এই চুক্তি। যদি আমাক চাবলৈ দিলে হেতেন তেন্তে আমি ইয়াতকৈয়ো ভাল এখন চুক্তি পালোহেতেন। ইফালে, আগন্তুক বিটিচি নিৰ্বাচনক লৈ সাংবাদিকৰ আগত মত ব্যক্ত কৰে হাগ্ৰামাই। বিটিআৰ চুক্তি স্বাক্ষৰৰ পাছত এবছুৱে পৃথক বড়োলেণ্ডৰ দাবী এৰা আৰু এনডিএফবিয়ে অস্ত্ৰ সম্বৰণ কৰি শান্তি প্ৰক্ৰিয়ালৈ উভতি অহাটোৱেই বিটিআৰৰ লাভ বুলি কয় বিটিচি প্ৰধানগৰাকীয়ে/


No comments:
Post a Comment