Raisedৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা লগতে ৰাক্তদান শিবিৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, March 03, 2020

Raisedৰ উদ্যোগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা লগতে ৰাক্তদান শিবিৰ

মৰিগাঁও : মৰিগাঁও জিলাৰ মানিপুৰ গাওঁ পঞ্চায়ত কাৰ্যালয়ত স্বেচ্ছাসেৱী অনুষ্ঠান Raisedৰ উদ্যোগত এটা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা লগতে ৰাক্তদান শিবিৰ অনুষ্ঠিত হয়।শিবিৰটো উদ্বোধন কৰে মৰিগাঁও বিধান সভা সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে।


উদ্বোধনী অনুষ্ঠানত মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰা, ৰাষ্ট্ৰীয় গ্ৰামীণ বিকাশ নিধি অসমৰ কাৰ্য্যবাঁহী সঞ্চালক ড°অমিয় কুমাৰ শৰ্মা,জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ড° সোণেশ্বৰ দেওৰজা,মানিপুৰ গাঁও পঞ্চায়তৰ সভাপতি ললিন্দ্ৰ দাস দেউৰী প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ উপ-সভাপতি ড° প্ৰাঞ্জল কুমাৰ ভৰালীৰ নেতৃত্বত এটা চিকিৎসকৰশিবিৰটোত চিকিৎসা সেৱা আগবঢ়াই লগতে অনুষ্ঠানটোৰ তৰফৰ পৰা বিনামূলীয়া ঔষধ বিতৰণ কৰে। 
শিবিৰটো সফলতাৰে অনুষ্ঠিত কৰা বাবে সংশ্লিষ্ট আটাইকে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সভাপতি ফণীন্দ্ৰ নাথ শর্মাই ধন্যবাদ জ্ঞাপন কৰে।স্বেচ্ছাসেৱী অনুষ্ঠান টোৱে গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যখনৰ বিশেষকৈ বনপীড়িত অঞ্চলসমূহত এনেধৰণৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা ঔষধ বিতৰণ কাৰ্যসূচী হাতত লৈ আহিছে।

No comments:

Post a Comment

SPONSORED