মই যদি এটি গোলাপ
তুমি তাৰেই এটি
ফুটুকীয়া ৰাংঢালী পখিলা
কুমলীয়া দেহটি তোমাৰ
ফুটুকীয়া পাখিৰে
থাকে আৱৰা।।
মই যদি নদী হৈ বৈ যাওঁ
তুমি তাৰ এটি
সুঁতি হ'বা
চিৰদিন মিলি গৈ
থাকিম অবিৰাম
পাহৰি নাযাবা। ।
মই যদি এজোপা বসন্তৰ
অকলশৰীয়া গছ
তুমি তাৰ কুমলীয়া পাহি
ফুটুকীয়া ৰেণুৰ সপোন
আকাশতে নাযায় যেন ভাঙি।।
মই যদি সূৰ্য্যৰ ৰঙা পোহৰ
তুমি তাৰ ৰশ্মি
তুমি আৰু মই কেৱল
সপোনৰে আমি।।
*****
*****
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008


No comments:
Post a Comment