জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে আমছুৱে - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, July 20, 2020

জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম কৰিলে আমছুৱে

লখিমপুৰ : লখিমপুৰ জিলাৰ নাওবৈছা সমষ্টিৰ অন্তৰ্গত পাভ গাঁও পঞ্চায়তৰ অধীনত থকা আহমেদ পুৰ ব্লক গাওঁৰ শ শ পৰিয়ালে ভূগি আছিল বান পানীৰ সমস্যাত। কোনো নলা নৰ্দমাৰে এই পানীখিনি ওলাই নোযোৱাত সৃষ্টি হয় বানপানীৰ৷



স্থানীয় ৰাইজে পানীখিনি উলিয়াই দিবলৈ নলা কৰি দিব বিচৰাক লৈ দুটা গোটৰ মাজত মতভেদৰ সৃষ্টি হয়৷ এই সন্দৰ্ভত ভূক্তভোগী ৰাইজে স্থানীয় বিধায়ক মামুন ইমদাদুল হক চৌধুৰী নাইবা অন্যান্য স্থানীয় জন প্ৰতিনিধিক অৱগত কৰাৰ পিছতো জমা হৈ থকা পানী খিনি ওলাবৰ বাবে কোনো সমাধান কৰি দিব পৰা নাই।

অৱশেষত এই ভূক্তভোগী ৰাইজে উপায়হীন হৈ এনেকৈ জমা হৈ থকা পানীৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ কাষ চাপে।

লগে লগে মানৱতাৰ খাতিৰত আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমানৰ নেতৃত্বত লখিমপুৰ জিলা আমছুৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ এই গাওঁ খনত থকা স্থানীয় কেইবাজন ব্যক্তিৰ উপস্থিতিত দুয়ো পক্ষৰ মাজত আলোচনা কৰি দৌলতপুৰ আহমেদপুৰ গড়কাপ্টানী ৰাস্তাৰ তলেদি বৰিং কৰি পাইপ বহুৱাই দি জমা হোৱা পানী ওলাবৰ বাবে ব্যৱস্থা কৰি দিয়ে। এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমছুৰ মুখ্য উপদেষ্টা আজিজুৰ ৰহমান, লখিমপুৰ জিলা আমছুৰ উপ সভাপতি উবাইদুৰ ৰহমান, জিলা সম্পাদক বদিউৰ ৰহমানৰ লগতে নুৰ মহম্মদ, আব্দুল হেলিম, নবি হুছেইন আৰু ঈদুল আহমেদ সহ কেইবাজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কোনো জনপ্ৰতিনিধিয়ে কৰিব নোৱাৰা কাম আমছুৱে কৰি দিয়াত ভূক্তভোগী ৰাইজে ছাত্ৰ সংগঠনটোক ধন্যবাদ জ্ঞাপন কৰে ৷

No comments:

Post a Comment

SPONSORED