আম্বালা : পৰীক্ষামূলকভাৱে ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতো ক’ভিড পজিটিভ চিনাক্ত হ’ল হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ। এই বাতৰি পোহৰলৈ অহাৰ পাছত আন এক প্ৰশ্ন চিহ্নৰ সৃষ্টি হ’ব পাৰে দেশত পৰীক্ষা চলাই থকা ক’ভিড প্ৰতিষেধকক লৈ। শনিবাৰে পুৱা গৃহমন্ত্ৰী ৱিজে টুইটযোগে তেওঁ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ কথা সদৰী কৰিছে।
৬৭বছৰীয়া ৱিজক আম্বালাৰ চিভিল হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰোঁৱাবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, ২০ নৱেম্বৰত হাৰিয়ানাৰ গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত বায়’টেকে পৰীক্ষা চলাই থকা কোভাক্সিন প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অংশ হিচাপে এপালি প্ৰতিষেধক গ্ৰহণ কৰিছিল।
তেওঁ নিজকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰথমজন স্বেচ্ছাসেৱক বুলিও দাবী কৰিছিল। পিছে প্ৰতিষেধক গ্ৰহণৰ পাছতো তেওঁ কৰ’নাত আক্ৰান্ত হোৱাটোৱে প্ৰতিষেধকবিধৰ কাৰ্যকাৰীতাৰ ওপৰত প্ৰশ্ন চিহ্নৰ সৃষ্টি কৰিব পাৰে।


No comments:
Post a Comment