- ৰাহুল জ্যোতি বৰা
অনাগত শীতৰ বতৰা লৈ
শুভ্ৰ শাৰদীয় ৰাণীৰ ৰংবোৰ যেন
মৃদু পৰশেৰে দলিচাত সানি দিবহি অাহি ।।
শৰৎ নিশাৰ দূবৰিৰ সেউজ দলিচাত
মুকুটা হৈ জিলিকে নিয়ৰৰ টোপাল ।
নিয়ৰৰ টোপালে শেৱালিৰ সুকোমল পাহিত অালিঙ্গন কৰি
নিয়ৰসিক্ত দূবৰিক জিলিকাই তোলে শাৰদীয় মুকুটা কৰি ।।
অাকাশত জ্বলি থকা জোনটিত দেখিছিলো
তাইৰ দুচকুৰে সৈতে তামবৰণীয়া চুলিখিনি ,
অাপোন বতাহজাকৰ স্পৰ্শত নিমজ চুলিখিনিয়েও
অানন্দত ঢৌ খেলি হালিছে, জালিছে ।।
নিশাৰ কুঁৱলিৰ ঘন অাৱৰণখন
গাত মেৰিয়াই লওঁতে জোনাকৰ বৰষুণ এজাকে
অাহিনৰৰ গুলপীয়া ওঁঠৰ মোহনাত
তৰাফুল এপাহ হৈ জিলিকি উঠিছে ।।
দূৰণিৰ কঁহুৱাজাকেও বতাহৰ স্পৰ্শত
খিলখিলাই হাঁহিছে, উন্মনা হৈ পৰিছে ।
নিয়ৰৰ মুকুতাবোৰেও জোনাকী পোহৰত
ডাৱৰৰ সৈতে লুকা ভাকু খেলিছে ।।
দূৰৈৰ পাহাৰৰ কাৰেংবোৰক উজ্বলাই তোলা
অহংকাৰী জোনটিয়ে অাজি অভিমান কৰি
কলীয়া ডাৱৰৰ সৈতে ওমলি
গোটেই পাহাৰখনক নিশাৰ নৈশব্দতাত বুৰ নিয়াইছে ।।
মঙ্গলদৈ,দৰং,অসম
পিন : ৭৮৪৫২৯
মো:: ৯৯৫৪৯১১৫২৮
Gmail:: borarahul360@gmail.com

No comments:
Post a Comment