ছাত্ৰীলৈ বিবাহিত শিক্ষকৰ প্ৰেমৰ প্ৰস্তাৱ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, August 04, 2023

ছাত্ৰীলৈ বিবাহিত শিক্ষকৰ প্ৰেমৰ প্ৰস্তাৱ


শিক্ষকৰ দৰে মহান বৃত্তি এটাক ভৰিৰে মোহাৰি গোটেই শিক্ষক সমাজক কলুষিত কৰিছে এচাম ধূৰন্ধৰ ৰুপী শিক্ষকে। নিজ বিদ্যালয়ৰ ছাত্ৰী এগৰাকীক এইগৰাকী বিবাহিত ৰহিম ছাৰে হোৱাটছএপত দিছে প্ৰেমৰ প্ৰস্তাৱ।

হাজো আৰক্ষী থানাৰ অন্তৰ্গত বৰছলি আঞ্চলিক জাতীয় বিদ্যালয়ৰ চিনিয়ৰ ছেকেণ্ডাৰীৰ সচিব আব্দুৰ ৰহিমে কিশোৰী ছাত্ৰী এগৰাকীক হোৱাটছ এপত প্ৰেমৰ বাৰ্তালাপ কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ জোকাৰনিৰ সৃষ্টি হৈছে। ৰহিম ছাৰে ইয়াৰ পূৰ্বেও কেইবাবাৰো ছোৱালীৰ সৈতে অনৈতিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগত জেল হাজোত খাটিব লগীয়া।

উল্লেখ্য যে,কিশোৰী ছাত্ৰী গৰাকীৰ সৈতে প্ৰেমৰ মধুৰ সম্পৰ্কৰ বাৰ্তালাপ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ আগতে নিজ ভতিজা শিক্ষক আব্দুৰ ৰহিমক ৰক্ষনা বেক্ষন দিয়াৰ বাবে প্ৰাক্তন কাউন্সিলৰ আতাউৰ ৰহমান তথা কেইজনমান তথাকথিত মাতাব্বৰে গাপ দিয়াৰ চেষ্টা চলাই যদিও বিফল হয়। আনকি কিশোৰী ছাত্ৰী গৰাকীৰ মোবাইলত আবদ্ধ কৰি ৰখা প্ৰেমৰ অশ্লীল বাৰ্তালাপ সমুহ মোচন কৰে যদিও ইতিমধ্যে সামাজিক মাধ্যমত সম্প্ৰচাৰিত হোৱা অশ্লীল বাৰ্তালাপ সমুহক লৈ চৌদিশে গৰিহণা আৰু ধিক্কাৰৰ জোৱাৰ উঠিছে।

এই সন্দৰ্ভত ৰাইজে হাজো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লৈ ভণ্ড শিক্ষক গৰাকীৰ বিৰুদ্ধে উচিত পদক্ষেপ লোৱাৰ বাবে এক অভিযোগ দাখিল কৰে। তাৎপৰ্যৰ বিষয় যে, নিমাতি কইনাৰ ৰূপত থকা বৰছলি শাখা ছাত্ৰ সন্থা, নাগৰিক মঞ্চ, সাহিত্য সভা, বিধ্বৎ সমাজে এই ঘটনা কেনেদৰে লয় সেয়া হব লক্ষণীয়।

No comments:

Post a Comment

SPONSORED