টেষ্ট ৰেংকিঙত শীর্ষস্থান, অক্ষুন্ন কোহলিৰ টীম ইণ্ডিয়াৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

টেষ্ট ৰেংকিঙত শীর্ষস্থান, অক্ষুন্ন কোহলিৰ টীম ইণ্ডিয়াৰ

নতুন দিল্লীঃ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই সদ্য প্রকাশিত আই চি চি টেষ্ট ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থানটো নিজৰ দখলতে ৰাখিবলৈ সক্ষম হৈছে যদিও এদিনীয়া ৰেংকিঙত দ্বিতীয় স্থানলৈ অৱনমিত হৈছে। বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচি চিয়ে বুধবাৰে প্ৰকাশ কৰা ৰেংকিঙত টীম ইণ্ডিয়াই ১২৫ পইন্টেৰে টেষ্ট ৰেংকিঙৰ শীর্ষস্থানটো অক্ষুন্ন ৰাখিছে। ইফালে, দক্ষিণ আফ্রিকাই ১১২ ৰেংকিং পইন্টেৰে দ্বিতীয় স্থানটো নিজৰ দখলত ৰাখিছে।
 অষ্ট্রেলিয়াই তৃতীয় স্থানত থকাৰ বিপৰীতে নিউজিলেণ্ড চতুর্থ, ইংলেণ্ড পঞ্চম, শ্রীলংকাই যষ্ঠ, পাকিস্তানে সপ্তম, বাংলাদেশে অষ্টম, ৱেষ্ট ইণ্ডিজে নৱম আৰু জিম্বাব’ৱেই দশম স্থানত আছে। ইফালে, ইংলেণ্ড টীম ইণ্ডিয়াক আঁতৰাই এদিনীয়া ৰেংকিঙৰ দলীয় শাখাৰ শীর্ষস্থানটো দখল কৰিবলৈ সক্ষম হৈছে। ইংলেণ্ডে জানুৱাৰী মাহত অষ্ট্রেলিয়াক ৪-১ আৰু মার্চ মাহত নিউজিলেণ্ডক ৩-২ৰ ব্যৱধানত পৰাস্ত কৰাৰ সুবাদতেই এদিনীয়া ৰেংকিঙৰ শীর্ষস্থানটো দখল কৰিবলৈ সক্ষম হয়। ১২৫ ৰেটিং পইন্টেৰে ইংলেণ্ডে শীর্ষস্থানত থকাৰ বিপৰীতে ১২২ ৰেটিং পইন্টেৰে ভাৰতে দ্বিতীয় স্থানত আছে। ১১৩ পইন্টেৰে দক্ষিণ আফ্রিকাই তৃতীয় স্থানটো অধিকাৰ কৰি আছে।

No comments:

Post a Comment

SPONSORED