মাজগাওত এছ , আই , অৰ আঞ্চলিক সমিতি গঠন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

মাজগাওত এছ , আই , অৰ আঞ্চলিক সমিতি গঠন

মাজগাঁওঃ আল্লাহৰ হিদায়ৎৰ দ্বাৰা সমাজ পুণৰ গঠনৰ মহান মিশ্চনটো আগত ৰাখি সমগ্ৰ ভাৰত বৰ্ষত আদৰ্শগত সংগ্ৰাম কৰা অন্যতম ইছলামী ছাত্ৰ সংগঠন এচ,আই,অৰ অসম উত্তৰ মণ্ডলৰ অন্তৰ্গত বৰপেটা জিলাৰ বৃহত্তৰ মাজগাঁও আঞ্চলিক চাৰ্কোল গঠণাৰ্থে বুধবাৰে জামাত ই ইছলাম হিন্দৰ জ্যেষ্ঠ সদস্য মৌলনা আব্দুল গফুৰ মণ্ডলৰ সভাপতিত্বত জামিয়া ই হজৰত গিয়াছ উদ্দিন তীবৰিজী মাদ্ৰাছা প্ৰাঙ্গণত এখন সাধাৰণ সভা অনুষ্ঠিত হয়। 
উক্ত সাধাৰণ সৰ্বসন্মতিক্রমে হাফিজ ইনামুল হ'কক সভাপতি, জমিৰ উদ্দিনক উপ সভাপতি, হাফিজ ছাইফুল ইছলামক সম্পাদক, নূৰ আলমক প্ৰচাৰ সম্পাদক হিচাপে লৈ মুঠ ১৩ জনীয়া এক শক্তিশালী কমিটি গঠণ কৰা হয়। সভাখনত সংগঠনটোৰ উত্তৰ মণ্ডলৰ যুটীয়া সম্পাদক আজনুৰ হ'কে উপস্থিত থাকি ইছলামৰ দৃষ্টিত যুৱ সমাজৰ ভূমিকা সম্পৰ্কে বিস্তাৰিত বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে সভাখনত অসম জুনৰ প্ৰতিনিধিৰ লগত হাউলী শাখাৰ শিক্ষা সম্পাদক ছুলেমন হাইদৰ আৰু স্বকীয় কৰ্মী নৱাব শ্বৰীফেও উপস্থিত থাকে।


No comments:

Post a Comment

SPONSORED