বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে আমছু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

বন্ধৰ দাবীত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে আমছু

গুৱাহাটীঃ মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আৰু NRC কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন অৱমাননা কৰি নিজ মইমতালিৰে গাঁও পঞ্চায়তৰ প্ৰমাণপত্ৰৰ পৰীক্ষণ কৰি অহা একাংশ বিষয়াক নিয়ন্ত্ৰণ কৰাৰ লগতে তেনে বিষয়াক শাস্তি প্ৰদান কৰাৰ দাবী,মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা তথা NRC কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি দিয়া গাইডলাইন অনুসৰি গাঁও পঞ্চায়তৰ প্ৰমাণপত্ৰৰ বৈধতা পুনৰীক্ষণ কৰাৰদাবী, পৰিয়াল বংশ বৃক্ষ আৰু গাঁও পঞ্চায়তৰ প্ৰমাণ পত্ৰ পুনৰীক্ষণত উপস্থিত হোৱা নাগৰিক সকলক উপস্থিত থকাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰাৰ দাবী,পৰিয়াল বংশ বৃক্ষ আৰু গাঁও পঞ্চায়ত প্ৰমাণ পত্ৰ পুনৰীক্ষণত উপস্থিত হবলগা সকলোক যথাসময়ত জাননী প্ৰদান কৰাৰ দাবী,পৰিয়াল বংশ বৃক্ষ আৰু গাঁও পঞ্চায়ত প্ৰমাণ পত্ৰ পুনৰীক্ষণত সময়মতে জাননী নোপোৱা সকলক পুনৰ পুনৰীক্ষণৰ সুবিধা প্ৰদান কৰাৰ দাবী,পৰিয়াল বংশ বৃক্ষ আৰু গাঁও পঞ্চায়ত প্ৰমাণ পত্ৰ পুনৰীক্ষণ কেন্দ্ৰ সমূহত পৰ্যাপ্ত পৰিমাণে শৌচালয়, খোৱাপানীৰ ব্যৱস্থা কৰাৰ দাবী,১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পূৰ্বৰ বৈধ-শুদ্ধ নথি জমা দিয়া কোনো অসমবাসী ভাৰতীয় নাগৰিকৰ নাম যাতে NRC ত অন্তৰ্ভুক্ত নোহোৱাকৈ নাথাকে আৰু ১৯৭১ চনৰ ২৫ মাৰ্চ তাৰিখৰ পিছত অসমত প্ৰবেশ কৰা হিন্দু-মুছলমান কোনো অবৈধ বিদেশীৰ নাম যাতে কোনো কাৰনতে অন্তৰ্ভুক্ত নহয় সেয়াও সুনিশ্চিত কৰাৰ দাবীত মুখ্যমন্ত্ৰী লৈ স্মাৰক দিয়ে জিলা উপায়ুক্তৰ জড়িয়তে।

No comments:

Post a Comment

SPONSORED