যােৰহাট : পিতৃৰ প্রতি কিমান দায়িত্বশীল হ’ব পাৰে সন্তান? অসীম শ্রদ্ধা আৰু পিতৃস্নেহৰ জলন্ত নিদর্শন দাঙি ধৰি ৰােগাক্রান্ত পিতৃক এক নতুন জীৱন দি নিজ শৰীৰৰ অংগ দানৰ দুই কন্যাৰ কাহিনী এতিয়া সর্বত্র বন্দিত। যােৰহাটৰ দুগৰাকী ভগ্নীয়ে পিতৃৰ জীৱন ৰক্ষা কৰিবলৈ নিজৰ জীৱনক তুচ্ছ কৰি যি বিৰল উদাহৰণ দাঙি ধৰিছে, সেই ঘটনাই সম্প্রতি দেশজুৰি বিশেষ চর্চা লাভ কৰিছে। অসম আৰক্ষীৰ উপ-পৰিদৰ্শক দেৱজিৎ দাসৰ জীৱন বচাবলৈ তেওঁৰ দুই সাহসী কন্যা কৃষ্ণাক্ষি আৰু প্ৰেৰণাই মংগলবাৰে দিল্লীৰ এখন হাস্পতালত লিভাৰ আৰু কিডনী দান কৰিলে।
কৃষ্ণাই লিভাৰ আৰু প্ৰেৰণাই কিডনী দানৰ বাবে অস্ত্রোপচাৰ কৰাৰ পাছত বর্তমান পিতৃ আৰু দুই কন্যা আই চি ইউত ভর্তি হৈ থাকিব লগা হৈছে। যােৰহাটৰ বাহিৰত জ্যেষ্ঠ কন্যা কৃষ্ণাক্ষি আৰু মাজু কন্যা প্ৰেৰণাই উচ্চ শিক্ষা গ্রহণ কৰি আছিল। কনিষ্ঠ কন্যা সপ্তম শ্রেণীত অধ্যয়নৰত। যােৰহাট নগৰৰ সােণালী জয়ন্তী নগৰৰ বাসিন্দা দেৱজিৎ দাসে তিনি কন্যা আৰু পত্নীৰ সৈতে এখন সুখৰ সংসাৰ, এটা সপােনৰ ঘৰ সাজিছিল।
এনেদৰে সুখ-স্বাচ্ছন্দ্যৰে অতিবাহিত হৈছিল জীৱন। কিন্তু হঠাৎ এদিন পৰিয়ালটোৰ মূৰত যেন সৰগ ভাগি পৰে। যেতিয়া ঘৰখনৰ মুৰব্বী দেৱজিৎ দাসৰ কিডনী আৰু লিভাৰ নষ্ট হােৱা বুলি চিকিৎসকৰ পৰা খবৰ লাভ কৰিছিল। দেৰগাঁৱৰ আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ত উপ-পৰিদৰ্শক হিচাপে কৰ্মৰত দাসক প্রথমে ভর্তি কৰােৱা হৈছিল যােৰহাটৰ মিছন হাস্পতালত। কিন্তু পৰৱর্তী সময়ত উন্নত চিকিৎসাৰ বাবে লৈ যােৱা হৈছিল দিল্লীলৈ। প্রথমে দিল্লীৰ আন এখন চিকিৎসালয়ত ভর্তি কৰােৱা হৈছিল যদিও পাছত এপল’ হাস্পতালত ভর্তি কৰােৱা হয় দেৱজিৎ দাসক। হাস্পতালখনৰ চিকিৎসকে পৰামর্শ দিয়ে যে দাসৰ কিডনী আৰু লিভাৰ সংৰােপণ কৰিব লাগিব। তেতিয়া পৰিয়ালটোৰ হাতত কোনাে উপায় নাছিল। ইতিমধ্যে সাচতীয়া ধন ব্যয় হৈছে, পত্নীৰ গহনা-গাথৰি সকলাে বিক্ৰী কৰিব লগা হৈছে।
ফলত বৃহৎ পৰিমাণৰ টকাৰ প্ৰয়ােজনীয়তা আহি পৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। পৰিয়ালটোৱে অৱশেষত যােৰহাটৰ সােণালী জয়ন্তী নগৰৰ সপােনৰ দুমহলীয়া ঘৰটো মাত্র ৩৫ লাখ টকাত বিক্ৰী কৰি দিয়ে। উচ্চ শিক্ষা গ্রহণ কৰি থকা জ্যেষ্ঠ আৰু মাজু কন্যা সাহসেৰে আগবাঢ়ি আহিল পিতৃৰ জীৱন ৰক্ষা কৰিবলৈ। সিদ্ধান্ত ল'লে নিজৰ কিডনী আৰু লিভাৰ দিবলৈ। তিনিওৰে অস্ত্রোপচাৰ সুকলমে সম্পন্ন হৈ যায়। এতিয়া পিতৃ-কন্যাদ্বয় তিনিওকে সুস্থ হৈ উঠিবলৈ কিছু দিনৰ প্রয়ােজন হ’ব বুলি চিকিৎসকে মন্তব্য কৰিছে। অসম আৰক্ষীৰ বিষয়া হৈও বিভাগৰ পৰা একো সঁহাৰি দেৱজিৎ দাসৰ পৰিয়ালে নাপালে বুলি জানিব পৰা গৈছে।
ডি জি পি কার্যালয় পর্যন্ত যােগাযােগ কৰিও নাপালে সামান্য সঁহাৰি। যােৰহাটবাসীয়ে ভগৱানৰ ওচৰত প্রার্থনা কৰিছে পিতৃ আৰু দুই কন্যা সােনকালে সুস্থ হৈ উঠক। এতিয়া প্রশ্ন হল— উচ্চ শিক্ষা গ্রহণ কৰি থকা এই দুই কন্যাৰ ভৱিষ্যৎ কি হ'ব ? ঘৰ-বাৰী বিক্ৰী কৰি সর্বস্বান্ত হােৱা পৰিয়ালটোৰ প্রতি অসম আৰক্ষী আৰু চৰকাৰে মানৱীয় মূল্যবােধ আগত ৰাখি কিছু দায়িত্ব পালন কৰিব বুলি এতিয়া সকলােৱে আশাৰে বাট চাইছে।


No comments:
Post a Comment