আবছুৰ পৃথক ৰাজ্যৰ দাবীত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Thursday, May 03, 2018

আবছুৰ পৃথক ৰাজ্যৰ দাবীত ১২ ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ


চিৰাংঃ   আবছুৰ ধাৰাবাহিক আন্দোলনৰ বুধবাৰে দ্বিতীয় দিনাও  চিৰাঙত ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ। পুৱা ৫ বজাৰ পৰা সন্ধীয়া ৫ বজালৈ চলিব এই অৱৰোধ কাৰ্য্যসূচী। পৃথক বড়োলেণ্ড ৰাজ্য গঠন কৰা, প্ৰস্তাৱিত বড়োলেণ্ড এলেকাৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা, কাৰ্বি আংলঙত বসবাস কৰা বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্যদা প্ৰদান কৰা আৰু পৃথক বড়োলেণ্ড সমস্যা সমাধান বাবে শীঘ্ৰেই ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ দাবীত এবছু, এনডিএফবি(প্ৰ) আৰু পিজেএচিবিক্ৰমে যৌথভাৱে  পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছিল। হাজাৰ হাজাৰ পিকেটিংকাৰীয়ে চিৰাং জিলাৰ কাজলগাঁওত ৩১ নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্তব্দ কৰে।  বাক্সাৰ পৰা উদালগুৰি পিচলৈ উদালগুৰি তথা অন্যান্য ঠাইত ধাৰাবাহিক ভাৱে আবছুয়ে প্ৰতিদিনে ১২ঘন্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্য্যসূচী চলাই যোৱাৰ কথা জনায় আবছুৰ সভাপতি প্ৰমোদ বড়োয়ে। সভাপতি গৰাকীয়ে কয় যে বিজেপি য়ে ২০১৪ চনত নিৰ্ব্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছিল যে চৰকাৰ গঠন কৰিলে বড়ো সমস্যাৰ সমাধান কৰিব কিন্তু কেন্দ্ৰত বিজেপিয়ে চৰকাৰ গঠন কৰা চাৰি বছৰ ওকলি গল যদিও কোনো সমস্যাৰ সমাধান নকৰিলে। গতিকে বড়ো জনগোষ্ঠীয়ে বিজেপিক ভোটদান কৰাটোৱে ভূল আছিল যেন হে অনুভৱ কৰিছো বুলিও কয় নেতাজনে।

No comments:

Post a Comment

SPONSORED