লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট শিশু বিকাশ প্ৰকল্পৰ অধীনস্থ অঙ্গনবাদী কেন্দ্ৰ সমূহত প্ৰধানমন্ত্ৰী মাতৃ বন্ধনা যোজনাত হিতাধিকাৰী অন্তৰ্ভূক্তিৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা দৃষ্টিগোচৰ হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত চলি থকা এই আঁচনিখনৰ মূল লক্ষ্য হৈছে প্ৰথম গৰ্ভধাৰণ কৰা গৰ্ভৱতী মহিলা আৰু পৰিয়ালৰ প্ৰথম জীৱিত শিশুৰ জন্ম হোৱাৰ আগত আৰু পিছত পৰ্যাপ্ত পৰিমাণে যাতে জিৰণি লব পাৰে তাৰ বাবে মহিলা গৰাকীক আংশিক অনুদান আগবঢ়োৱা। মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ এনে অভিলাসী আচনিত আবেদন পত্ৰ জমা লোৱাৰ সময়ত একাংশ দুৰ্নীতিপৰায়ণ অঙ্গনবাদী কৰ্মীয়ে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। পৰিপ্ৰেক্ষিতত বহু দৰিদ্ৰ গৰ্ভৱতী মহিলাই এনে জনকল্যাণমূলক আচনি লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। বিশেষকৈ লাহৰীঘাট শিশু বিকাশ প্ৰকল্পৰ অধীনস্থ ৪৭২ নং অঙ্গনবাদী কেন্দ্ৰত অতিমাত্ৰা বৃদ্ধি পাইছে এনে অনিয়মসমূহ। এনে কাৰ্য্যত অতিষ্ঠ গৰ্ভৱতী মহিলা সকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। সচেতন মহলে এনে ভ্ৰষ্টাচাৰী অঙ্গনবাদী কৰ্মীৰ বিৰুদ্ধে তদন্তক্ৰমে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে। এনেস্থলত দূৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ স্থিতি গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
Responsive Ads Here
Wednesday, September 12, 2018
লাহৰীঘাটত প্ৰধানমন্ত্ৰী মাত্ৰু বন্ধনা যোজনাৰ নামত ধন সংগ্ৰহৰ অভিযোগ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment