গুৱাহাটী : অৱশেষত কোকৰাঝাৰৰ ডিটেনচন কেম্পৰ পৰা ছফিয়া খাতুনক মুক্তি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। পূৰ্বে খাতুনক বিদেশী বুলি ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণে। দুবছৰ ধৰি ডিটেনচন কেম্পত বন্দী হৈ আছিল ছফিয়া খাতুন। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বৰপেটাৰ সীমান্ত আৰক্ষী অধীক্ষকে কৰিছিল তদন্ত। তদন্তত ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছিল ছফিয়াৰ ৫ ভাতৃ, স্বামী আৰু পিতৃ-মাতৃ। অসম চৰকাৰে শপতনামাযোগে উচ্চতম ন্যায়ালয়ক এই তথ্য সদৰি কৰাত ন্যায়াধীশ কোৰিয়ান যোছেফ আৰু ন্যায়াধীশ এছ কে কৌলৰ খণ্ড বিচাৰপীঠে বুধবাৰে ছফিয়াক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে।
Responsive Ads Here
Wednesday, September 12, 2018
ডিটেনচন কেম্পৰ পৰা ছফিয়া খাতুনক মুক্তি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment