হাউলীৰ বালাভিটাত কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ বিপিএফৰ জিলা কোষাধ্যক্ষ আব্দুল ৰৌফৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, September 11, 2018

হাউলীৰ বালাভিটাত কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ বিপিএফৰ জিলা কোষাধ্যক্ষ আব্দুল ৰৌফৰ


বৰপেটা : বি টি এ ডিৰ ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিৰ এম,চি,এল গৌতম দাসৰ সহযোগত আৰু বৰপেটা জিলা বিপিএফৰ কোষাধ্যক্ষ আব্দুল ৰৌফৰ উদ্যোগত দলটোৰ কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী কমিটিয়ে আজি ৰাতি পুৱা আঠ বজাত এখন বিতৰণ কাৰ্যসূচী হাতত লয়। উক্ত বিতৰণ কাৰ্যসূচীত কলহভাংগা পঞ্চায়ত এলেকাৰ ৰায়পুৰ,বালাভিটা,যশিহাটী,ভালুকি আদি গাঁৱৰ দৰিদ্ৰ কৃষক সকলৰ মাজত প্ৰায় ৩০ খনকৈ স্প্ৰে মেচিন বিতৰণ কৰা হয় | উক্ত সভাত বৰপেটা জিলা বি,পি,এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফে দুখীয়া শ্ৰেণীৰ কৃষকৰ মাজত উপস্থিত থাকি উক্ত অঞ্চল সমূহৰ কৃষকলৈ এটাকৈ স্প্ৰে মেচিন আগবঢ়ায়।লগতে দলটোৰ বৰপেটা জিলাৰ উপ সভাপতি মোজাম্মিল হ'ক কলহভাংগা গাঁও পঞ্চায়তৰ প্ৰাইমাৰী বি,পি,এফৰ সভাপতি ইকবাল হুছেইন,সম্পাদক মতিউৰ ৰহমান,উপ সভাপতি আলাল উদ্দিন,খাইৰুল ইছলামকে আদি কৰি ভালেমান বিশিষ্ট ব্যক্তি সকলে এই কাৰ্যসূচীত উপস্থিত থাকি কৃষক সকলক সকাহ প্ৰদান কৰে।

No comments:

Post a Comment

SPONSORED