তামাৰহাট : এগৰাকী কলেজীয়া ছাত্ৰী, পঢ়াশুনাতো তাই মেধাৱী, আন আন কলেজীয়া ছাত্ৰীৰ দৰে তাইৰো কলেজলৈ যোৱাৰ মন, ইচ্ছা ভালকৈ পৰিবলৈ, জীয়াই থকাৰ হেঁপাহ । কিন্তু দৰিদ্ৰতাই তাইৰ কাল । কাৰণ তাই বৰ্তমান হৃদ ৰোগত আক্ৰান্ত, তাইৰ চিকিৎসাৰ বাবে প্ৰয়োজন কেইবালাখ টকাৰ । দিনহাজিৰা কৰি খোৱা দুখীয়া পিতৃয়ে টকাৰ অভাৱত দিব পৰা নাই প্ৰয়োজনীয় চিকিৎসা। আধা বাটতে জীৱন সমাপ্ত কৰাৰ উপক্ৰম হাচিনা খাতুন নামৰ মেধাৱী ছাত্ৰী গৰাকীৰ । প্ৰয়োজন সহায়ৰ হাত। জীয়াই থকাৰ হেঁপাহত ঘৰত বহি বহি চকুলো টোকাৰ বাহিৰে কোনো উপায় নাই মেধাবী ছাত্ৰী গৰাকীৰ। কাৰণ অসহায় পৰিয়ালটো তাইক চিকিৎসা দিয়াৰ বাবে কত পাব ইমান টকা৷ সেয়েহে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত কাছাৰিগাওঁৰ তথা হাতীধূৰা কলেজৰ তৃতীয় চেমিষ্টাৰত পঢ়ি থকা ছাত্ৰী হাচিনা খাতুনৰ পৰিয়ালটোৱে সকলো দেখি বুজিও নীৰৱে সহ্য কৰিব লগা হৈছে সকলো । হৃদৰোগত আক্রান্ত হাচিনা খাতুন দিন মজুৰী কৰা পিতৃ আব্দুল ওৱাহেৱ আৰু মাতৃ আমীৰন বিবিৰ চতুৰ্থ সন্তান । হাচিনাই দীৰ্ঘদিন ধৰি বিভিন্ন বেমাৰৰ মাজতে পঢ়াশুনা কৰি আহিছিল যদিও লাহে লাহে তাইৰ বেমাৰ বৃদ্ধি পাবলৈ ধৰাত ক্ৰমশ দুৰ্বল হৈ পৰিছে । এনে পৰিস্থিতিত দেউতাকে গুৱাহাটীৰ এক ডাঙৰ ডক্টৰক দেখুৱাত ডক্টৰে তাইৰ হৃদ ৰোগ হোৱা বুলি কয় আৰু অপাৰেশ্বন কৰিলেহে তাই বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব বুলিও কয় । অপাৰেশ্বনত কেইবালাখ টকাৰ প্ৰয়োজন আৰু এই অপাৰেশ্বন বহিঃৰাজ্যত কৰিব লাগিব বুলি কোৱাত বিমোৰত পৰিছে তাইৰ দেউতাকৰ লগতে অসহায় দুখীয়া পৰিয়ালটো । দিনক দিনে হাচিনাৰ শৰীৰৰ পৰিবৰ্তন ঘটিছে, আনকি খোজ কঢ়াটো তাইৰ বাবে এক কঠিন কামত পৰিণত হৈ পৰিছে । কিন্তু পিতৃৰ কোনো উপায় নাই যে তাইৰ চিকিৎসাৰ যোগান ধৰিব । সেয়েহে হাচিনাৰ লগতে অসহায় পিতৃৰ অসম বাসীৰ ওচৰত আবেদন, যদি কোনো সদাশয় ব্যক্তি বা কোনো দল সংগঠনে হাচিনাৰ প্ৰান ৰক্ষাৰ বাবে চিকিৎসাৰ আৰ্থিক সাহায্য আগবঢ়ায় তেন্তে হয়তো হাচিনাক মৃত্যুৰ হাতৰ পৰা ঘূৰাই আনিব পাৰিলোহেতেন। অসহায় পিতৃৰ আহ্বানত কোনো সদাশয়ে ব্যক্তিয়ে সহায় কৰি ছাত্ৰী গৰাকীৰ লগতে পৰিয়ালটোক উপকৃত কৰিব বিচাৰিলে তলৰ উল্লেখ কৰা একাউণ্ট নম্বৰত সহায় কৰে যেন । হাচিনা খাতুনৰ - 35101195315, আৰু IFC code -- SBIN0007996 একাউন্ট নম্বৰ নাইবা +917002624825 মোবাইল নম্বৰত ফোন কৰি যোগাযোগ কৰিব পাৰে। আপোনাৰ অকণমান সহায়ৰ বাবে হয়তো প্ৰাণ ৰক্ষা পৰিব পাৰে হাচিনাৰ । হয়তো ঘূৰাই পায় পাৰে এক নতুন জীৱন।
Responsive Ads Here
Tuesday, September 11, 2018
দুৰাৰোগ্য ৰোগত কলেজীয়া ছাত্ৰী : চিকিৎসাৰ বাবে ৰাজ্যবাসীলৈ আৰ্থিক সাহাৰ্য্যৰ আহ্বান
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment