তিতাবৰত পথ দুৰ্ঘটনাত নিহত ১: উত্তপ্ত পৰিস্থিতি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, September 08, 2018

তিতাবৰত পথ দুৰ্ঘটনাত নিহত ১: উত্তপ্ত পৰিস্থিতি


তিতাবৰ : এক পথ দুর্ঘটনাক কেন্দ্ৰ কৰি শুকুৰবাৰে নিশা ১১ বজাত তিতাবৰ আৰক্ষী থানা ঘেৰাও কৰে শতাধিক ৰাইজে। নিশা তিতাবৰ গড়আলি বোকাহোলা মছজিদৰ সমীপত যোৰহাটৰ পৰা তিতাবৰ অভিমুখে আহি থকা AS-03-T-2284 নম্বৰ এখন বগা ৰঙৰ স্ক'ৰপিঅ’ গাড়ীয়ে কিৰণ উৰিয়া নামৰ এজন যুৱকক তীব্ৰ বেগত খুন্দা মৰাত থিতাতে নিহত হয় যুৱকজন।
অত্যাধিক মদ্যপান কৰি কথা গাড়ী চালকজন কচুখাতৰ অজয় গগৈ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰিবলৈ লোৱা গাড়ীখন ৰাইজে খেদি আহি তিতাবৰ ৰেল গেটৰ সমীপত আটক কৰি তিতাবৰ আৰক্ষীয়ে গতাই দিয়ে। সুৰামত্ত চালকৰ এই কাণ্ড দেখি নিশা ৰাজপথত ওলাই আহে শতাধিক ৰাইজ। ঘেৰাও কৰে তিতাবৰ আৰক্ষী থানা, অৱশেষত ঘটনাস্থলীত তিতাবৰ মহকুমা আৰক্ষী বিষয়া গৰাকী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

No comments:

Post a Comment

SPONSORED