বৰপেটা : বৰপেটাৰ দৈ’ গীতৰ স্রষ্টা তথা আসাম প্ৰেছ ক'ৰেছপণ্ডেন্ট ইউনিয়ন চমুকৈ ‘আপকু’ৰ শীর্ষ গীতৰ সুৰকাৰ অমেন কুমাৰ বায়নক আপকুৰ একাদশ দ্বি-বার্ষিক কেন্দ্রীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বর্ষ সামৰণি অনুষ্ঠানত সম্বৰ্ধনা জনায়।
বঙাইগাঁও জিলাৰ বীৰঝৰা পাব্লিক লাইব্রেৰীত যােৱা ২৮ এপ্রিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত আপকুৰ একাদশ দ্বিবার্ষিক কেন্দ্রীয় অধিৱেশন আৰু ৰূপালী জয়ন্তী বৰ্ষৰ দ্বিতীয় দিনৰ কাৰ্যসূচীৰ মুকলি সভাত সুৰকাৰ অমেন কুমাৰ বায়নৰ লগতে আপকুৰ শীৰ্ষক গীতটিৰ গীতিকাৰ সুশীল কুমাৰ দাসকো আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়।
সুৰকাৰ অমেন কুমাৰ বায়ন আৰু গীতিকাৰ সুশীল কুমাৰ দাসক বঙাইগাঁও শােধনাগাৰৰ মুখ্য মহা প্রবন্ধক জি চি শিকদাৰে সম্বৰ্ধনা জনায়। এই দুয়ােগৰাকী শিল্পীকে গামােচা, জাপি, মানপত্র, শৰাই আৰু আপকুৰ প্রতীকপট প্রদানেৰে সম্বৰ্ধনা জনায়।
উল্লেখ্য যে, আপকুৰ কেন্দ্রীয় অধিৱেশনত সম্বৰ্দ্ধিত অমেন কুমাৰ বায়নে ইতিমধ্যে অসমৰ কেবাটাও জ্বলন্ত সমস্যাৰ লগতে জাতীয় জীৱনৰ দুর্যোগ উপশমৰ গণচেতনাৰে জনসজাগতাৰ সৃষ্টি কৰা গীত ৰচনা আৰু সুৰ কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী কণ্ঠশিল্পী হিচাপে পৰিচিত অমেন কুমাৰ বায়নে গােৱা বৰপেটাৰ দৈ’ আৰু কিপলিং ছিঙা ৰেল’ নামৰ গীত দুটি ব্যাপকভাৱে সমাদৃত হৈছে।

No comments:
Post a Comment