বৰপেটা : মেৰামতিৰ অভাৱত জহি-খহি গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ। সম্প্রতি এনে কিছুমান পথেৰে যানবাহনৰ কথাটো বাদেই খােজ কাঢ়ি যােৱাটোও অসম্ভৱ হৈ পৰিছে।
ৰাজ্য চৰকাৰৰ গড়কাপ্তানী (গ্রাম্য পথ) বিভাগৰ অবহেলাৰ লগতে বিভাগীয় কর্তৃপক্ষ আৰু প্ৰশাসনৰ অমনােযােগিতাৰ বাবেই বৰপেটা জিলাৰ কেবাটাও গুৰুত্বপূৰ্ণ পথ বছৰ বছৰ ধৰি জৰাজীৰ্ণ হৈ আছে। জিলাখনৰ তেনে এটা পথ হৈছে পাটবাউসী-দংৰা সংযােগী গড়কাপ্তানী পথচোৱা। যাতায়াত অসম্ভৱ হৈ পৰা এই পথচোৱাৰ মেৰামতিৰ দাবীত স্থানীয় ৰাইজে প্রশাসন আৰু গড়কাপ্তানী বিভাগক সময়ে সময়ে দাবী জনাই আহিছে যদিও আজি পর্যন্ত কোনােধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নকৰাত গড়কাপ্তানী বিভাগৰ দায়িত্ব জ্ঞানহীনতাৰ প্ৰতিবাদত আজি ছাত্ৰমুক্তি সংগ্রাম সমিতিয়ে পথছােৱাৰ মাজত ভূই ৰােৱা কাৰ্যসূচী ৰূপায়ণ কৰে।
বৰপেটা জিলা ছাত্র মুক্তি সংগ্রাম সমিতিৰ অন্তৰ্গত দংৰা আঞ্চলিক ছাত্র মুক্তি সংগ্রাম সমিতিয়ে এই ব্যতিক্রমী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত অংশগ্রহণ কৰা ভালে সংখ্যক ছাত্র-ছাত্রীয়ে বেনাৰ লৈ সমদল কৰি আহে আৰু পথচোৱাৰ মাজত ভূই ৰুই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
এই প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়চোৱাত প্রতিবাদী ছাত্র-ছাত্ৰীসকলে অসম চৰকাৰ হায় হায়, গড়কাপ্তানী বিভাগ হায় হায়, পাটবাউসী-দংৰা পথ অতিশীঘ্ৰে মেৰামতি কৰক আদি বিভিন্ন শ্লোগান দিয়ে। এই কাৰ্যসূচীত ছাত্ৰ মুক্তিৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য বাবুল হুছেইন, বৰপেটা জিলা ছাত্ৰ মুক্তিৰ সভাপতি ৰেজ্জাক খানৰ লগতে দংৰা আঞ্চলিক নেতাকর্মীসকল উপস্থিত থাকে।
উল্লেখ্য যে, এই পথচোৱা ২০০৫ চনৰ বানপানীত বিধ্বস্ত হৈছিল। যাৰ ফলত পথটোৰে যাতায়াত কৰাটো স্থানীয় ৰাইজৰ বাবে গুৰুতৰ সমস্যা হৈ পৰে। বিগত ১৩ বছৰে পথটোৰ মেৰামতিৰ ব্যৱস্থা বিভাগীয় কর্তৃপক্ষই নকৰিলে। ইয়াৰ ফলত পথটোৰে অহা-যােৱা কৰা পথচাৰীসকল যমৰ যাতনা ভূগিবলগীয়া হৈছে।


No comments:
Post a Comment