গোসাইগাওঁ : কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত ২ নং ভোমৰাবিল গাঁৱত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। ২ নং ভোমৰাবিল গাঁৱৰ হানিফুদ্দিন শেখৰ ঘৰত সংঘটিত ঘটনাৰ বিৱৰণী মতে মনোৱাৰ হুছেইনৰ আছে দুজনকৈ ঘৈণীয়েক৷ মনোৱাৰ হুছেনৰ একমাত্ৰ সন্তান মেহেদী হাছান শেখ (বয়স তিনি বছৰ)ক প্ৰথমা পত্নী হাছনা ভানুৰ অনুপস্থিতিৰ সুযোগ লৈ দ্বিতীয় পত্নী মমতাজ বেগমে কণমাণি শিশুটোক ঘৰৰ পৰা অলপ দুৰত অৱস্থিত কুৱাত দলিয়াই দিয়ে।
আধা ঘণ্টামান পিছত মাক হাছনা ভানুৱে সন্তানৰ সন্ধান কৰাত দ্বিতীয় পত্নী মমতাজ বেগমে নেদেখা বুলি মন্তব্য আগবঢ়ায়। পিছমুহূৰ্তত মমতাজ বেগমে কণমানি শিশুটোক কুৱাৰ ভিতৰত পৰি থকা বুলি খবৰ কৰাত স্থানীয় মানুহে মমতাজৰ ওপৰত সন্দেহৰ আঙুলি টোৱায়।
তেতিয়াই দ্বিতীয় পত্নীয়ে পলাবলৈ প্ৰয়াস কৰাৰ সময়তে স্থানীয় ৰাইজে আটক কৰে৷ পিছত গোসাইগাঁও থানাৰ আৰক্ষীয়ে উপস্থিত হৈ মৃত শিশুটোক উদ্ধাৰ কৰে৷ আৰক্ষীয়ে দ্বিতীয় পত্নী মমতাজ বেগমক গ্ৰেপ্তাৰ কৰি গোসাইগাঁও থানালৈ আনে।


No comments:
Post a Comment