বৰপেটাৰোড : এন আৰ চিৰ(NRC)হিয়াৰিঙৰ বাবে মৰিগাঁও জিলাৰ জাগীৰোড থানাৰ অন্তৰ্গত ভোগদোবা হাবি গাঁৱৰ পৰা বৰপেটাৰোডৰ নিকটৱৰ্তী গুৱাগাছালৈ আহিছিল প্ৰায় চল্লিশগৰাকী লোক। কালি নিশা ১০ বজাত নামডিং ইন্টাৰচিটী ৰেলযোগে বৰপেটাৰোড ষ্টেচনত নামে লোককেইজনে। তাৰ পিছত খোজকাঢ়ি বজাৰৰ পিনে আহি থকা অৱস্থাত চাৰিজনীয়া যুৱকৰ দলে লোক কেইজনক আগুচি ধৰি বিভিন্ন গালি গালাজ কৰাৰ লগতে মাৰধৰ কৰা বুলি বৰপেটা ৰোড আৰক্ষী থানাত দাখিল কৰা অভিযোগত প্ৰকাশ পাইছে। প্ৰকৃত ভাৰতীয় লোক কেইজনক বাংলাদেশী মুছলিম বুলি বিভিন্ন ধৰনৰ দুৰ্ব্যৱহাৰ কৰি হাৰাশাস্তি কৰা দেখা পাই বৰপেটাৰোডৰ কেইজনমান সচেতন লোকে বৰপেটা ৰোড আৰক্ষীক জনায়৷বৰপেটাৰোড আৰক্ষীয়ে তৎকালীন ভাৱে ঘটনাস্থলীত উপস্থিত হৈ ৰাজীৱ দাস পিতা ভগৱান দাস ,হেমন্ত দাস পিতা নৰেশ চন্দ্ৰ দাসক (হাউলী টাউন) আটক কৰি থানালৈ লৈ আনে। দুজন যুৱক পলাই যায় । এই ঘটনাৰ পাছত সৰভোগৰ যুৱ নেতা ৰফিকুল হক (ৰাজীৱ), কামাল উদ্দিন, মহিদুল হক প্ৰমুখ্য লোকসকলে বৰপেটা ৰোড থানাত উপস্থিত হৈ আৰক্ষীক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা লবলৈ দাবী জনায়। এই সন্দৰ্ভত বৰপেটাৰোড থানাত ভোগদোবা হাবি গাঁৱৰ আব্দুল কৰিম পিতা আব্দুল চোবান নামৰ লোকজনে এখনি এজাহাৰ দাখিল কৰিছে ৷ যি সময়ত NRC উন্নতিকৰনৰ কাম শান্তিপূৰ্ণ ভাৱে চলি আছে আৰু তেনে সময়ত এচাম দুষ্ট প্ৰকৃতিৰ লোকে NRC হিয়াৰিঙৰ বাবে অহা যোৱা কৰা ধৰ্মীয় সংখ্যালঘু লোকক এনে ধৰনৰ হাৰাশাস্তি কৰা দেখা গৈছে। যাৰ বাবে শান্তিপূৰ্ণ ভাবে চলি থকা NRC ৰ কামত ব্যঘাত জন্মিব পাৰে ! বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে এনে ধৰণৰ ব্যক্তি সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ প্ৰয়োজন। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বৰপেটা জিলাত এন আৰু চিক লৈ কঠোৰ স্থিতি লৈছে। শান্তিপূৰ্ণ ভাবে NRC ৰ কাম চলাই নিবলৈ জিলাবাসীৰ পূৰ্ণ সহযোগিতা কামনা কৰি আহিছে৷ এচাম লোকে এন আৰ চিৰ কামত বাধা দিবলৈ প্ৰচেষ্টা চলাই অহাটো শুভ লক্ষণ নহয়। বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মাই এই ঘটনাক গৰিহণা দিয়াৰ লগতে শান্তিপূৰ্ণ ভাবে এন আৰ চিৰ কামত সকলো শ্ৰেনীৰ লোকক সহযোগিতা কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য আজি বৰপেটাৰোডত ৰেলৱে অভাৰব্ৰীজৰ কামৰ শুভাৰম্ভ অনুষ্ঠানৰ উদ্বোধন কৰিবলৈ আহিছিল সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজিৰ এই শুভ কামৰ প্ৰাকক্ষণত হাউলী টাউনৰ পৰা আহি বৰপেটাৰোড টাউনৰ মাজ মজিয়াত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাটো গৰিহনাৰ যোগ্য বুলি বিবেচিত হৈছে। উল্লেখ্য যে, সমগ্ৰ অসমৰ ভিতৰতে বৰপেটাৰোড চহৰৰ নাম আছে য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে শান্তি পূৰ্ণভাবে বসবাস কৰি আহিছে।
Responsive Ads Here
Saturday, May 19, 2018

বাংলাদেশী মুছলিম বুলি বিভিন্ন ধৰনৰ দুৰ্ব্যৱহাৰ প্ৰকৃত ভাৰতীয়ক
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment