কাউলীত ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবিত আক্ৰাছু, আগছুৰ উত্তাল প্ৰতিবাদ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 19, 2018

কাউলীত ধৰ্ষণকাৰীক ফাঁচি দিয়াৰ দাবিত আক্ৰাছু, আগছুৰ উত্তাল প্ৰতিবাদ


তামুলপুৰ : সমগ্ৰ দেশতে সামাজিক ব্যাধি ৰূপে সঘনাই হৈ থকা জঘন্য কাণ্ডৰ ধৰ্ষণকাৰী সকলক ফাঁচি দিয়াৰ দাবীত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত ভূটান সীমান্তৰ কাউলী বজাৰত প্ৰতিবাদী সমদল উলিয়াই ছাত্র সংগঠন আক্ৰাছু, আগছু-এ।
সাম্প্ৰতিক সময়ত সামাজিক ব্যাধি ৰূপে ভয়ংকৰ ভাৱে প্ৰতিদিনে হত্যা,ধৰ্ষণ,নাৰী নিৰ্যাতনে আচন্ন কৰি ৰাখিছে ৰাজ্যখনক।কি স্কুল, কলেজৰ ছাত্ৰী,মহিলা,সকলোতে শংকিত নাৰী।
যোৱা ১৫ মে’ত কাউলীত এগৰাকী বিশেষভাৱে সক্ষম যুৱতীক ধৰ্ষণ কৰিছিল কামাখ্যা বনিক নামৰ (৪৫) বছৰীয়া ব্যক্তিয়ে । ধৰ্ষণকাৰীক অতিশীঘ্ৰেই কঠোৰতম শাস্তি ফাঁচি দিয়াৰ দাবীত আক্ৰাছু,আগছুৰ উদ্যোগত আজি কাউলীৰ ৰাজপথত হয় তীব্ৰ প্ৰতিবাদ। সংগঠনটোৱে নাৰী নিৰ্যাতন বন্ধ কৰক,ধৰ্ষণকাৰীক ফাঁচি দিয়ক ,অসম চৰকাৰ হায় হায়,পুলিচ প্ৰশাসন হায়,হায় আদি বিভিন্ন শ্ল’গানেৰে কাউলীৰ ৰাজপথ প্ৰতিবাদী কন্ঠেৰে উত্তাল কৰি তোলে। আনহাতে বাক্সা জিলাৰ আগছুৰ সভাপতি মাধৱ চেত্ৰী আৰু বাক্সা জিলা আক্ৰাছুৰ সহ:সম্পাদক উপেন ৰায়ে অনাগত দিনত ধৰ্ষণকাৰীসকলক কঠোৰ শাস্তি প্ৰদান নকৰিলে ইয়াতকৈ অধিক গণতান্ত্ৰীক আন্দোলন গঢ়ি তোলা হ’ব বুলি জানিবলৈ দিয়ে । আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠন কেইটাৰ প্ৰায় শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

No comments:

Post a Comment

SPONSORED