গোসাঁইগাঁও : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ যোগেদি কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ ৩১ ডিচেম্বৰ লৈকে বাংলাদেশ, নেপাল, আফগানস্থানৰ হিন্দু নাগৰিকসকলক অসমত সংস্থাপন দিবৰ বাবে যি যো-যা চলাইছে তাৰ সম্পূৰ্ণ বিৰোধিতা কৰে নামনি অসমৰ অসম-পশ্চিমবংগ সীমান্তত অৱস্থিত গোসাঁইগাঁও শাখা সাহিত্য সভাই।
শাখা সাহিত্য সভাৰ ১৩ মে’ত অনুষ্ঠিত হোৱা কাৰ্য্যনিৰ্বাহক সভাই কেন্দ্ৰীয় চৰকাৰক ১৯৮৫ চনত হোৱা কেন্দ্ৰীয় চৰকাৰ, আছু আৰু অসম চৰকাৰৰ ত্ৰিপক্ষীয় বৈঠকৰ চুক্তি মৰ্মে, ১৯৭১ চনৰ ২৪ মাৰ্চৰ পিছত অসমলৈ অহা হিন্দু অথবা মুছলমান কাকো সংস্থাপন দিয়াৰ বিৰুদ্ধে দৃঢ় মতপোষণ কৰে। শাখা সাহিত্য সভাই এক স্মাৰক পত্ৰ যোগেদি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক বিধেয়ক তথা হিন্দু বাংলাদেশী নাগৰিকৰ সংস্থাপনৰ বিৰুদ্ধে মতপোষণ কৰিবলৈ আহ্বান জনায়।
সাহিত্য সভাই বিদেশীৰ ক্ষেত্ৰত জাতি, ধৰ্ম, ভাষা, লিংগ আদিৰ বিচাৰ নকৰিবলৈ আহ্বান জনায়। ঐতিহাসিক চুক্তিৰ প্ৰতি সন্মান জনাই অসমৰ ভাষা সাহিত্য সংস্কৃতি ৰক্ষা কৰিবলৈ স্মাৰকপত্ৰত উল্লেখ কৰে। স্মাৰকপত্ৰখন যোৱা ১৫ মে'ত গোসাইগাঁও মহকুমাৰ মহকুমাধিপতি উইলবাৰ্ণ এছ. দৈমাৰীৰ যোগেদি প্ৰেৰণ কৰা হয়। উল্লেখযোগ্য যে সভাপতি-সম্পাদক স্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰখন প্ৰেৰণ কৰে গোসাঁইগাঁও সাহিত্য সভাৰ উপদেষ্টা খনীন্দ্ৰ চন্দ্ৰ দাসে।
No comments:
Post a Comment