বান্দৰ-মানুহৰ সংঘাত : তামাৰহাটত বান্দৰ নিয়ন্ত্ৰণৰ বাবে বন বিভাগক আবেদন - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Saturday, May 19, 2018

বান্দৰ-মানুহৰ সংঘাত : তামাৰহাটত বান্দৰ নিয়ন্ত্ৰণৰ বাবে বন বিভাগক আবেদন

তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত তামাৰহাট বজাৰ, হাতীধুৰা বজাৰ, পাগলাহাট বজাৰৰ লগতে পাৰ্শ্ববতী সমগ্ৰ অঞ্চলতে বান্দৰ আৰু মানুহৰ সংঘাত সঘনাই বৃদ্ধি পোৱাত অতিষ্ঠ হৈ পৰিছে অঞ্চলবাসীয়ে। উক্ত বান্দৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে যোৱা ১৬ মে' তাৰিখে ভাৰতীয় মানৱ অধিকাৰ ৰক্ষা পৰিষদৰ হাতীধুৰা ব্লক কমিটিয়ে ধুবুৰী জিলা বন সংমণ্ডলক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
উল্লেখ্য যে, দীর্ঘদিনৰে পৰা বন বিভাগৰ সত্ৰ ছায়াত একাংশ বন মাফিয়ায়ে বনাঞ্চলসমূহ ধ্বংস কৰি অহাত বনাঞ্চলত থকা বাঘ, ভালুক, হৰিণা, বান্দৰ, শিয়াল আদি বনৰীয়া জীৱ জন্তুবোৰ আশ্ৰয় বিচাৰি গভীৰ অৰণ্য লৈ গুচি যায়।
আনহাতে এটা বান্দৰৰ প্ৰজাতিয়ে খাদ্য আৰু আশ্ৰয় বিচাৰি জনাঞ্চল লৈ ঢাপলি মেলে। তাৰে কিছু বান্দৰ তামাৰহাট বজাৰত থকা ডাঙৰ ডাঙৰ গছ, পৰিত্যক্ত গৃহ আদিত আশ্ৰয় লয়। বৰ্তমান সময়ত এই বান্দৰৰ সংখা ইমানেই বৃদ্ধি হৈছে যে তামাৰহাটৰ লগতে ইয়াৰ ওচৰে পাজৰে থকা সমূহ বজাৰ ঘাটত বিয়পি সন্ত্ৰাসৰ সৃষ্ট কৰাৰ লগতে বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে।
এনেকি এই বান্দৰ সমূহে নিজৰ খাদ্য বিচাৰি অঞ্চলটোৰ খেতিয়কৰ খেতি, ফল-মূল আদি ধ্বংস কৰিও খাদ্যৰ চাহিদা মিটাব নোৱাৰাত মানুহৰ ঘৰত সোমাই ঘৰত থকা খাদ্য সামগ্ৰী ধ্বংস কৰি ঘৰৰ বস্তু ভাঙি চুৰমাৰ কৰা কাৰ্য্য সঘনাই সংঘটিত কৰি অহাত ব্যৱসায়ী তথা সাধাৰণ ৰাইজে বিপাঙত পৰিছে।
ইপিনে বান্দৰৰ এই আচৰণৰ পৰা ৰক্ষা পাবলৈ ভাৰতীয় মানৱ অধিকাৰ ৰক্ষা পৰিষদৰ হাতীধুৰা ব্লক কমিটিয়ে ১৬ মে'ত ধুবুৰী জিলা বন সংমণ্ডল বিষয়ক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ বন মন্ত্ৰী আৰু মুখ্য বন বিষয়া লৈকে প্ৰেৰণ কৰিব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment

SPONSORED