নামৰুপ : নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ প্ৰত্যাহাৰৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা নামৰুপ আঞ্চলিক সমিতিয়ে আজি দিনৰ ১০:৩০ বজাত আছু কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা এই ৰেলিত প্ৰায় পাঁচ শতাধিক ছাত্র কৰ্মীৰ লগতে নামৰুপৰ ৰাইজেও ভাগ লয়।উল্লেখ্য যে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে আছুয়ে কেন্দ্ৰ চৰকাৰ লগতে অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক কঠোৰ ভাষাৰে সকিয়াই দি কয় জাতি,মাটি আৰু ভেঁটিৰ কথা কোৱা সকলে আজিৰ নিজৰ ৰাজ্যতে বিদেশীক সংস্থাপন দিব বিচাৰিছে ?
ইয়াত কৈ আৰু কি হ’ব অসমৰ বাবে।আজিৰ এই কাৰ্যসূচী আছু নামৰুপ আঞ্চলিকৰ সভাপতি,সম্পাদক মানবজ্যোতি চাংমাই আৰু কল্পজিত গগৈৰ উদ্যোগত উলিওৱা হয়।
No comments:
Post a Comment