হাতীধুৰাত এয়াৰটেল টাৱাৰৰ এল চি ইউ, বেটাৰী চুৰি - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Monday, May 21, 2018

হাতীধুৰাত এয়াৰটেল টাৱাৰৰ এল চি ইউ, বেটাৰী চুৰি


তামাৰহাট : ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত অক্সিগুৰি (হাতীধুৰা) গাঁওস্থিত এয়াৰটেল মোবাইল টাৱাৰৰ এটা এল চি ইউ আৰু দুটা বেটৰী যোৱা নিশা চোৰে চুৰি কৰি লৈ যায়। জানিব পৰা মতে অক্সিগুৰি (হাতীধুৰা) গাঁওৰ বাসিন্দা জমিৰুদ্দিন আহমেদৰ ঘৰৰ কাষতে থকা এয়াৰটেল মোবাইল টাৱাৰটোৰ কিবা বিজুতি হোৱা বুলি গম পাই মুখ্য কাৰ্যালয়ৰ পৰা টাৱাৰৰ দায়িত্বত থকা টেকনিছিয়ান জাকিৰ হুছেইনক কথাটো অৱগত কৰে। তেতিয়া টেকনিছিয়ান জাকিৰ হুছেইনে টাৱাৰৰ ওচৰত গৈ এটা এল চি ইউ আৰু দুটা বেটাৰী চুৰি হোৱা বুলি প্ৰত্যক্ষ কৰে ।
ইপিনে ৰাতিপুৱা গাওঁখনৰ পথাৰৰ মাজত স্থানীয় মানুহে এটা অচিনাক্ত বস্তু প্রত্যক্ষ কৰি তামাৰহাট আৰক্ষীক খবৰ দিয়ে । খবৰ পাই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বস্তুটোৰ বিষয়ে অধ্যয়ন কৰি থকাৰ সময়তে টেকনিছিয়ান জাকিৰ হুছেইনে তাত উপস্থিত হৈ বস্তুটো টাৱাৰৰ এল চি ইউ বুলি চিনাক্ত কৰে আৰু ঘটনা সম্পৰ্কে মৌখিক ভাবে আৰক্ষীক অৱগত কৰে । আৰক্ষীয়ে এল চি ইউটো পথাৰৰ পৰা উদ্ধাৰ কৰি থানালৈ নিয়ে । পিছত স্থানীয় ৰাইজে অভিযান চলাই এখন বাঁহনীৰ পৰা চুৰি হোৱা বেটাৰী দুটাও উদ্ধাৰ কৰে বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে হাতীধুৰা কলেজৰ প্ৰবক্তা জমিৰুদ্দিন আহমেদৰ ঘৰৰ একেবাৰে কাষতে থকা এই টাৱাৰৰ দুটাকৈ বেটাৰী আৰু এল চি ইউ চুৰি হোৱা ঘটনাটো অতি ৰহস্যজনক বুলি ৰাইজৰ মাজত সমালোচনা অব্যাহত আছে।

No comments:

Post a Comment

SPONSORED