নলবাৰী : নলবাৰী জিলাৰ বৰনৰ্দ্দী অঞ্চলৰ কবি, গল্পকাৰ, নিবন্ধকাৰ, সাহিত্যিক মামনি ডেকাই "জনপ্ৰিয় গল্পকাৰ" বঁটা গ্ৰহণ কৰি নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
উল্লেখ্য, যোৱা ২০ মে ত সদৌ অসম সাংস্কৃতিক সমন্বয় সন্থা (আকু)ৰ সহযোগত গুৱাহাটী জিলা পুথি ভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত "নেবক'ছ মিডিয়া এৱাৰ্ডছ- ২০১৮" বঁটা অনুষ্ঠানত মামনি ডেকাক "জোনাক ফুলে সাধনাৰ শেৱালি" শীৰ্ষক গল্প পুথিৰ বাবে "জনপ্ৰিয় গল্পকাৰ" বঁটা প্ৰদান কৰে অসমৰ ভ্ৰাম্যমান থিয়েটাৰ জগতৰ জনপ্ৰিয় নাট্যকাৰ, পৰিচালক, অভিনেতা চম্পক শৰ্মাই।
কেইবাখনো গ্ৰন্থৰ ৰচয়িতা মামনি ডেকাৰ বহু কবিতা, গল্প, নিবন্ধ অসমৰ বহু কাকত আলোচনী আদিত প্ৰকাশ হৈছে। ডেকাই ইতিপূৰ্বে "বিন্দু সাহিত্য সন্মান", "স্পৰ্শ সাহিত্য সন্মান" আদিও লাভ কৰিছে।
ডেকা এনে সন্মানেৰে বিভূষিত হোৱাত নলবাৰী জিলাৰ সাহিত্যানুৰাগীৰ মাজত উৎসাহ উদ্দীপনা দেখা গৈছে।
No comments:
Post a Comment