লাহৰীঘাট : মৰিগাঁও জিলাৰ উত্তৰাঞ্চল তথা লাহৰীঘাটৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ "লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়"ত চিকিৎসকৰ অভাৱত সম্প্ৰতি ৰোগীৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰিস্থিতিৰ। লাহৰীঘাট সমষ্টিৰ বৰবড়ী, অমৰাগুৰি, বগলীপৰা, ছাতিয়ানতলি, ভূঞাবাৰী, ধূপগুৰি, তিনিচুকীয়া, দাতিয়ালবড়ী, জলকীয়াবড়ী, ঔতলাবড়ী, ছেনীমাৰি, পলাশগুৰি, ৰজাগাধোৱা, মৰিতলি, ধিঙৰআটি, চেতুৱাই খাইতি আদিৰ দৰে বিশাল জনবহুল অঞ্চলৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ হৈছে "লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়"। অতি পৰিতাপৰ বিষয় যে, চিকিৎসালয়খনত মাত্ৰ দুজন চিকিৎসকক কৰ্মৰত অৱস্থাত দৃষ্টিগোচৰ হৈছে। যাৰ ফলত শতাধিক ৰোগীৰ লানি নিচিগা শাৰী। ইয়াৰ উপৰিও চিকিৎসালয়খনত কেইবাটাও শৌচাগাৰৰ ব্যৱস্থা থকা স্বত্বেও কোনো এটাও ব্যৱহাৰৰ বাবে উপযোগী নহয়।
মূলত : স্বচ্ছ ভাৰত অভিযান আঁচনিৰ সম্পূৰ্ণ বিপৰীত ছবি প্ৰতিফলিত হৈছে চিকিৎসালয়খনত। ৰোগ নিৰাময়ৰ পৰিৱৰ্তে বৃদ্ধি হোৱাৰ আশংকাই অধিক বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।
ইপিনে চিকিৎসালয়খনত বয়োজেষ্ঠ ৰোগীৰ বাবে সুকীয়া কোঠালিৰ ব্যৱস্থা আছে যদিও চিকিৎসকৰ অভাৱত সেয়াও শূণ্য হৈ থকা পৰিলক্ষিত হৈছে। স্মৰ্তব্য যে, দৈনিক প্ৰায় তিনি শতাধিক ৰোগী চিকিৎসা সেৱাৰ বাবে অহা চিকিৎসালয়খনত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱৰ ফলত স্বাস্থ্য সেৱা বিঘ্নিত হোৱাই নহয় ৰোগীয়ে ভূগিছে অমানৱীয় যন্ত্ৰণা।
অতি স্পৰ্শকাতৰ বিষয় যে, আকস্মিক চিকিৎসা কক্ষতো দিনৰ ১১ বজাতে অদৃশ্য হৈ ৰল চিকিৎসক। স্থানীয় সচেতন লোকে অতিশীঘ্ৰে ইয়াৰ বিহিত ব্যৱস্থা লোৱাৰ বাবে স্বাস্থ্য বিভাগক দাবী জনাইছে।
No comments:
Post a Comment