লাহৰীঘাট : সৰ্বভাৰতীয় গ্ৰামীণ ডাক সেৱক ইউনিয়নৰ আহ্বান মৰ্মে ডাক সেৱক সকলৰ অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলতো কাৰ্যত: স্তব্ধ হৈ পৰিছে ডাক সেৱা। ফলত আহুকালৰ সন্মখীন হ’বলগীয়াত পৰিছে অঞ্চলবাসী জনগণ। ইতিমধ্যে ২২ মেৰ দিনা আৰম্ভ হোৱা দেশজোৰা এই ধৰ্মঘটত নগাঁও সংমণ্ডলৰ অধীনস্থ লাহৰীঘাট উপ ডাকঘৰৰ অন্তৰ্গত গ্ৰামীণ ডাকসেৱক সকলেও অংশ গ্ৰহণ কৰিছে । উল্লেখ্য যে, গ্ৰামীণ ডাক সেৱক সকলক সপ্তম দৰমহা আয়োগ কমিটিৰ প্ৰতিবেদন দাখিল কৰাৰ দুবছৰ চাৰি মাহ অতিক্ৰম কৰাৰ পিছতো কেন্দ্ৰীয় চৰকাৰ তথা ডাক বিভাগে কাৰ্যকৰী নকৰাৰ ফলত ডাক সেৱক সকলে ৰূপায়ন কৰিছে এই অনিৰ্দিষ্টকালীন ধৰ্মঘট আঁচনি। ইয়াৰ উপৰিও গ্ৰামীণ ডাক সেৱক সকলে অতিশীঘ্ৰে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰি দৰমহা বৃদ্ধিৰ লগতে পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ বিভিন্ন শ্ল'গানেৰে ডাকঘৰ চৌহদ উত্তাল কৰি তোলে। অতিশীঘ্ৰে গ্ৰামীণ ডাক সেৱকসকলৰ দৰমহা বৃদ্ধিৰ লগতে পেঞ্চনৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছে । অন্যথা এই ধৰ্মঘট কাৰ্য্যসূচী অনবৰত অব্যাহত থাকিব বুলিও হুংকাৰ দিছে ।
Responsive Ads Here
Tuesday, May 29, 2018

লাহৰীঘাটতো গ্ৰামীণ ডাক সেৱকৰ ধৰ্মঘট : অষ্টম দিনাও ব্যাহত ডাক সেৱা
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment