লাহৰীঘাট : পুনৰ বাৰিষাৰ আগমনৰ লগে লগে খহনীয়াই কালৰূপ ধাৰন কৰিছে মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ বিভিন্ন ঠাইত। উন্মুক্ত মথাউৰি নিৰ্মাণ আৰু খহনীয়া প্ৰতিৰোধৰ বাবে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিয়া অন্তিম সময়সীমা উকলিল। ইপিনে খহনীয়াত জাহ যাব ধৰিছে বাসগৃহ, শ শ বিঘা কৃষিভূমি। উল্লেখ্য যে, মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ দক্ষিণ মিকিৰগাও, বটাবঢ়ি আদি অঞ্চল সমূহত অব্যাহত আছে এনে বিধ্বংসী খহনীয়া। অতি পৰিতাপৰ বিষয় যে গাঁওবাসীয়ে নৈৰ ব্যাপক খহনীয়া অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে। প্ৰায় দুমাহ ধৰি খহনীয়াৰ তাণ্ডব অব্যাহত থকাৰ ফলত সম্প্ৰতি ২৪০ টাৰো অধিক পৰিয়াল গৃহহাৰা হৈ পৰিছে । জানিব পৰা মতে, গৃহহীন হোৱা লোকসকলৰ একাংশই আশ্ৰয় বিচাৰি অঞ্চলটোৰ নিকটৱৰ্তী গাওঁসমূহত ঢাপলি মেলিছে। অন্যহাতে আন একাংশই আৰ্থিক দীনতা তথা আশ্ৰয়ৰ অভাৱত অঞ্চলটোৰ বিভিন্ন ৰাস্তাৰ দাঁতিত তিৰপাল, নিম্নমানৰ টিন আদিৰে সৰু পঁজা সাজি কোনোমতে ৰজনী কটোৱা পৰিলক্ষিত হৈছে। অতি স্পৰ্শকাতৰ বিষয় যে, খেতি চপাবলৈ নৌহওঁতেই গৰাখহনীয়াৰ বুকুত বিলীন হবলৈ ধৰাত নৈপৰীয়া একাংশ কৃষকে নিজৰ অশেষ কষ্টোপাৰ্জিত খেতিডৰা কাটি গৰু মহৰ খাদ্য কৰিছে। ভূক্তভোগী গৰাখহনীয়া লোকে এনে বিপৰ্যয়ৰ সময়ত পৰিবৰ্তনকামী চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে।
Responsive Ads Here
Tuesday, May 29, 2018

লাহৰীঘাটত ব্ৰহ্মপুত্ৰ নৈৰ ব্যাপক খহনীয়া : বিস্তৰ ক্ষতিসাধন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment