নেমকেয়াৰ হাস্পতালৰ মালিক ডাঃ হিতেশ : বৰুৱাৰ বিৰুদ্ধে চিবিআইৰ গােচৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 29, 2018

নেমকেয়াৰ হাস্পতালৰ মালিক ডাঃ হিতেশ : বৰুৱাৰ বিৰুদ্ধে চিবিআইৰ গােচৰ


গুৱাহাটী : নেমকেয়াৰ হাস্পতালৰ পৰিচালন সঞ্চালক তথা নেমকেয়াৰ ফাউণ্ডেচনৰ সঞ্চালক ডাঃ হিতেশ : বৰুৱাৰ বিৰুদ্ধে গােচৰ ৰুজু কৰে কেন্দ্রীয় অনুসন্ধানকাৰী সংস্থা অর্থাৎ চি বি আয়ে। ডাঃ বৰুৱাই উত্তৰ-পূব পৰিষদৰ প্ৰাক্তন পৰামৰ্শদাতা (স্বাস্থ্য) ডাঃ এন জে শৰ্মাৰ সৈতে মিলি প্ৰৱঞ্চনাৰে ধন আত্মসাৎ কৰা বুলি চি বি আইৰ এজাহাৰত উল্লেখ কৰা হৈছে। এজাহাৰত উল্লেখ কৰা অনুসৰি, ডাঃ হিতেশ বৰুৱাই ১২খন বিছনাযুক্ত এটা বার্ন কেয়াৰ ইউনিট গুৱাহাটীৰ বেলতলাত স্থাপন কৰিবৰ বাবে উত্তৰ-পূব পৰিষদৰ পৰা ২.৭০ কোটি টকাৰ অনুদান লাভ কৰিছিল। ইয়াৰ বাবে বেলতলাত ৰাজ্য চৰকাৰে প্ৰয়ােজনীয় ভূমি আবণ্টন দিয়া বুলিও সদৰী কৰিছিল। এই আবেদন অনুসাৰে ২০১২ চনত উত্তৰ-পূব পৰিষদে ২.৭০ কোটি টকা মােকলাই দিয়াৰ লগতে ৰাজ্য চৰকাৰেও নিজৰ অংশ মুকলি কৰি দিছিল। বার্ন কেয়াৰ ইউনিট স্থাপনৰ বাবে ডাঃ হিতেশ বৰুৱা আৰু ডাঃ এন জে শৰ্মাক লৈ গঠিত সমিতিয়ে ৩,০০,৮৭,৭৩২ টকাৰে অতি বেছি মূল্যত ৪০টা যন্ত্র ক্রয় কৰা বুলি দেখুৱাইছিল। 

কিন্তু বেলতলাৰ ক’তােৱে ইয়াৰ অস্তিত্ব বিচাৰি পােৱা নগ'ল। তাৰ বিপৰীতে চি বি আইৰ দলে বিগত বৰ্ষত চলােৱা অনুসন্ধানত ক্ৰয় কৰা দেখুওৱা ২২টা যন্ত্র গুৱাহাটীৰ ভঙাগড়স্থিত ডাঃ হিতেশ বৰুৱাৰ মালিকানাধীন  নেমকেয়াৰ হাস্পতালতহে দেখিবলৈ পায়। প্রাথমিক অনুসন্ধানৰ অন্তত চি বি আয়ে ডাঃ হিতেশ বৰুৱা আৰু ডাঃ এন জে শৰ্মাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০(বি), ৪২০ আৰু দুর্নীতি প্রতিৰােধী আইনৰ ১৩(২) ধাৰাৰ অধীনত গােচৰ ৰুজু কৰিছে। শীঘ্ৰে গােচৰ সংক্ৰান্তত চি বি আইৰ দলে নেমকেয়াৰ হাস্পতালত অভিযান চলােৱাৰ সম্ভাৱনা আছে৷

No comments:

Post a Comment

SPONSORED