সময় মতে বিদুৎ যোগান ধৰিব নোৱাৰা বিদুৎ বিভাগে বিপিএল ৰ গ্ৰাহকলৈ প্ৰদান কৰিলে ২ হেজাৰৰ পৰা ৭ হেজাৰ টকাৰ বিল - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 22, 2018

সময় মতে বিদুৎ যোগান ধৰিব নোৱাৰা বিদুৎ বিভাগে বিপিএল ৰ গ্ৰাহকলৈ প্ৰদান কৰিলে ২ হেজাৰৰ পৰা ৭ হেজাৰ টকাৰ বিল



বৰপেটা : হাউলীৰ কালঝাৰত বিদুৎ বিভাগে নিজ ইচ্ছা মতে বিল তৈয়াৰ কৰি বিপিএলৰ গ্ৰাহকক হাৰাশাষ্টি কৰি অহাৰ এক ভয়ংকৰ ছবি পোহৰলৈ আহিছে। ইয়াকলৈ কালজাৰত থকা ঠিকাভিত্তিক বিদুৎ কাৰ্যলয় মমতাজ ইলেক্ট্ৰনিকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।
অভিযোগ মতে কালজাৰত থকা বিদুৎ বিভাগৰ ঠিকাভিত্তিক অফিচৰ স্বতাধিকাৰী মনোৱাৰ হুইছেনে নিজৰ ইচ্ছা মতে লাইনৰ বিল তৈয়াৰ কৰি প্ৰদান কৰি আহিছে। যাৰ বাবে চৰম হতাশাত ভুগিছে বিপিএল ৰ গ্ৰাহকসকল। একাংশ বিপিএল গ্ৰাহকক ২০০০ পৰা আৰম্ভ কৰি ৭ হাজাৰ টকালৈ লাইনৰ বিল প্ৰেৰন কৰিছে। ইয়াৰ উপৰিও সাধাৰণ গ্ৰাহকক দুৰ্ব্যবহাৰ কৰি বিল আদায় কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী গ্ৰাহকে। ফলত ভুক্তভুগী গ্ৰাহকে কালজাৰত থকা মনোৱাৰ হুছেইনৰ লাইনৰ অফিচ মমতাজ ইলেক্ট্ৰিনিক ঘেৰাও কৰি প্ৰতিবাদ সাবস্ত কৰে ।
কাৰ ভুলৰ বাবে বিপিএল গ্ৰাহকৰ লাইনৰ বিল ইমান টকা হলেগৈ তাৰ উচিত তদন্ত কৰি দোষীক শাস্তি দিবলৈ ভুক্তভোগী গ্ৰাহকে জিলা প্ৰশাসনক ১০ দিনৰ সময় সীমা বান্ধি দিয়ে। 
অন্যথা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰি প্ৰতিবাদ সাবস্ত্য কৰিব বুলি হুংকাৰ দিয়ে। লগতে কালঝাৰত থকা লাইনৰ অফিচ উৎখাত কৰাৰো ভাবুকি প্ৰদান কৰে।

No comments:

Post a Comment

SPONSORED