বহৰিৰ বান্দালীত ব্ৰহ্মপুত্ৰত নিখোজ শিশু - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 22, 2018

বহৰিৰ বান্দালীত ব্ৰহ্মপুত্ৰত নিখোজ শিশু



বৰপেটা : বৰপেটা জিলাৰ বহৰিস্থ তাৰাবাৰী থানাৰ অধীনৰ বান্দালী গাৱত কালিৰে পৰা এটি ৮ বছৰীয়া শিশু ব্ৰহ্মপুত্ৰত গা ধুবলৈ যোৱাৰ পৰাই নিখোজ হৈ থকা বুলি জানিব পৰা গৈছে ৷ পৰিয়ালৰ লোক তথা স্থানীয় ৰাইজে শিশুটোৰ মৃত্যু হোৱা বুলি সন্গেহ ব্যক্ত কৰিছে যদিও শিশুটোৰ এইপৰ্যন্ত কোনো সন্ধান পোৱা নাই ৷ এই ঘটনাই সমগ্ৰ বহৰি অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰামতে, বান্দালী গাৱৰ আব্দুছ চাত্তাৰৰ পুত্ৰ কুতুবুল আলম নামৰ দ্বিতীয় শ্ৰেণীত পঢ়ি থকা শিশুটোৱে কালি ঘৰৰ কাষেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল ৷ কালি আবেলি তিনি মান বজাত ঘৰৰ ওচৰেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ যোৱাৰ পিচৰে পৰা নিখোজ হৈ থকা কুতুবুল আলমৰ সন্ধানত ইতিমধ্যে তাৰাবাৰী থানাৰ আৰক্ষীৰ সহযোগত এছডিআৰএফ বাহিনীৰ জোৱানে ব্ৰহ্মপুত্ৰ নদীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ কিন্তু আজি আবেলিলৈকে শিশুটোৰ কোনো সন্ধান ওলোৱা নাই ৷ ঘটনাটোৱে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোতে শোঁকৰ ছা পেলাইছে৷

No comments:

Post a Comment

SPONSORED