হাউলীত ডাক সেৱক সকলৰ অনিৰ্দিষ্ট কালৰ ধৰ্মঘট - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, May 22, 2018

হাউলীত ডাক সেৱক সকলৰ অনিৰ্দিষ্ট কালৰ ধৰ্মঘট



বৰপেটা : সদৌ ভাৰত গ্ৰামীণ ডাক সেৱক সন্থাৰ নলবাৰী -বৰপেটা সংমণ্ডল সমিতিৰ হাউলী শাখাৰ উদ্যোগত সৰ্ব ভাৰতীয় গ্ৰামীণ ডাক সেৱক সকলৰ সপ্তম দৰমহা আয়োগ কমিটিৰ প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত আজি দিনৰ ১০ বজাৰ পৰা হাউলী ডাক বিভাগৰ কাৰ্যালয়ৰ সন্মুখত সেৱক সকলে অনিৰ্দিষ্ট কালৰ ধৰ্মঘট কাৰ্যসূচী আৰম্ভ কৰিছে। উল্লেখ্য যে উক্ত দৰমহা আয়োগ কমিটিৰ প্ৰতিবেদন দাখিল হোৱাৰ ২ বছৰ ৪ মাহ পাৰ হোৱাৰ পিছতো চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই দৰমহা আয়োগৰ উক্ত প্ৰতিবেদন কাৰ্যকৰী নকৰাত ডাক বিভাগৰ কৰ্মচাৰী সকলে অভিযোগ উত্থাপন কৰিছে। সেৱক আনোৱাৰ হুছেইনে ক্ষোভ প্ৰকাশ কৰি কয়,যে সেৱক সকলৰ উক্ত কাৰ্যসূচী সফল ৰূপায়ণ নকৰাৰ ফলত এই কাৰ্যসূচী হাতত লোৱা হৈছে বুলিও কয়।ফল স্বৰূপে এই ধৰ্মঘট কাৰ্যসূচীত বৃহত্তৰ হাউলী নগৰাঞ্চলৰ সাধাৰণ ৰাইজৰ বিভাগীয় কাম-কাজ স্থবিৰ হৈ পৰা পৰিলক্ষিত হৈছে।

No comments:

Post a Comment

SPONSORED