কোকৰাঝাৰ : সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাই বুধবাৰে কোকৰাঝাৰত তিনিঘন্টীয়া ধৰ্না কাৰ্যসূচী পালন কৰি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷ ৰাতিপুৱা ১১ বজাৰ পৰা দুপৰীয়া ২ বজালৈ তিনিঘন্টীয়া ধৰ্না কাৰ্যসূচী পালন কৰি বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি চৰকাৰৰ কাম নাই,আমাৰ বকেয়া দৰমহা আদায় দিয়ক, আমাৰ দাবী নায্য দাবী,বিজেপি চৰকাৰ হায় হায় আদি শ্লোগান দি উত্তাল কৰি তোলে ৷ উল্লেখ্য যে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন হোৱা ধৰ্না কাৰ্যসূচীত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে অংশগ্ৰহণ কৰি ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে যদিহে চৰকাৰে গৃহৰক্ষী সকলৰ দাবী সমূহ অতিশীঘ্ৰে পূৰণ নকৰে তেন্তে ৰাজ্য চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিছে ৷ গৃহৰক্ষী জোৱান সকলে দিনে নিশাই নিজৰ কৰ্তব্য পালন কৰি অহা সত্বেও যোৱা তিনি মাহৰ বকেয়া দৰমহা আদায় নিদিয়াত সম্প্ৰতি গৃহৰক্ষী জোৱান সকলৰ পানীত হাহ নচৰা অৱস্থা হোৱা বুলিও অভিযোগ কৰিছে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে ৷ইপিনে ৰাজ্য চৰকাৰৰ এক নিৰ্দেশমৰ্মে কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে বহুসংখ্যক গৃহৰক্ষী জোৱানক কৰ্তব্যৰ পৰা অব্যাহতি দিয়াত তেওঁলোকৰ পৰিয়াল পোহপাল দিয়া কঠিন হৈ পৰিছে আৰু জোৱান সকলে মানসিকভাৱে ভাগি পৰিছে যদিও বিভাগীয় কৰ্তৃপক্ষই ইয়াৰ কোনো ব্যৱস্থা হাতত লোৱা নাই বুলিও আক্ষেপ ব্যক্ত কৰিছে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে ৷ সেয়ে গৃহৰক্ষী সকলৰ দাবী সমূহ চৰকাৰে পূৰণ নকৰিলে অসমৰ প্ৰায় ২৭ হাজাৰ প্ৰশিক্ষনপ্ৰাপ্ত গৃহৰক্ষী জোৱানে অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হব বুলিও হুংকাৰ দিয়ে সন্থাৰ সাধাৰন সম্পাদক কামাখ্যা দাসে ৷ আনহাতে ধৰ্না কাৰ্যসূচীৰ পিছতেই জিলা উপায়ুক্তৰ জৰিয়তে সন্থাৰ ফালৰ পৰা দাবী সম্বলীত এক স্মাৰকপত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰন কৰে ৷ আজিৰ ধৰ্না কাৰ্যসূচীত সন্থাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জীতেন চন্দ্ৰ বৰ্মন,সাধাৰন সম্পাদক বৰহান কাজী,কোকৰাঝাৰ,ধুবুৰী আৰু চিৰাং জিলাৰ সভাপতি- সম্পাদককে ধৰি তিনি জিলাৰ কেইবাশতাধিক গৃহৰক্ষী জোৱান অংশগ্ৰহণ কৰে ৷
Responsive Ads Here
Thursday, June 14, 2018

কোকৰাঝাৰত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ তিনিঘন্টীয়া ধৰ্না কাৰ্যসূচী পালন
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment