ৱেব ডেস্ক : মুঠ ৩২টা দলৰ অংশগ্রহণেৰে একবিংশতিতম বিশ্ব কাপ ফুটবল প্রতিযােগিতা আজিৰে পৰা ৰাছিয়াত আৰম্ভ হ'ব। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬-৩০ বজাত স্থানীয় লুঝনিকি ষ্টেডিয়ামত হ’ব বর্ণময় উদ্বোধনী অনুষ্ঠান, য'ত ৮০ হাজাৰ দৰ্শকৰ উপস্থিতি ঘটিব। উদ্বোধনী অনুষ্ঠান প্রধান আকর্ষণ হ’ব ব্রিটিছ পপ-গায়ক ৰবী উইলিয়ামছ আৰু ৰাছিয়াৰ জনপ্রিয় গায়িকা আইডা গাৰিফুলিয়ানাৰ সংগীত পৰিৱেশ। ব্রাজিলৰ হৈ দুবাৰকৈ বিশ্ব কাপ জিকা ৰ'নাল্ডাে থাকিব ফিফাৰ আমন্ত্রিত অতিথি হিচাপে। সেই অনুষ্ঠানতে ২০১৮ বিশ্ব কাপৰ আনুষ্ঠানিক সংগীত, “লিভ ইট আপ’ পৰিৱেশন কৰিব উইল স্মিথ আৰু নিকী জেমে।
সেই অনুষ্ঠানৰ পাছতেই একে ষ্টেডিয়ামতে ছৌডি আৰব আৰু ঘৰুৱা ৰাছিয়াৰ মাজত উদ্বোধনী খেল আৰম্ভ হ’ব, ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৮-৩০ বজাত। আর্জেন্টিনাৰ নেষ্টৰ পিটানাই উক্ত খেল পৰিচালনা কৰিবৰ বাবে সুযােগ লাভ কৰিছে। সহযােগী ৰেফাৰী হিচাপে থাকিব তেওঁলােকৰ দেশৰে য়ুৱান পাবলাে বেলাট্টি আৰু হাৰনান মাইডানা। অন্যহাতে ব্রাজিল ছেন্দ্রো ৰিক্কী থাকিব চতুর্থ ৰেফাৰীৰ ভূমিকাত। দক্ষিণ আমেৰিকাৰ আটাইতকৈ অভিজ্ঞ ৰেফাৰী পিটানাই ২০১৪ বিশ্ব কাপত ফ্রান্স-জার্মানি কোৱাৰ্টাৰ ফাইনেলকে ধৰি মুঠ চাৰিখন খেল পৰিচালনা কৰিছিল৷



No comments:
Post a Comment