গুৱাহাটী : ভুৱা ফেচবুক একাউন্টধাৰীৰ পৰা সাৰি যোৱা নাই খোদ আৰক্ষী৷ এই দুষ্কাৰ্য কৰি পিছে সাৰি নগ’ল অপৰাধীজন৷ যথেষ্ট তদন্তৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ ভুৱা ফেচবুক একাউন্ট খােলা এজন চাইবাৰ অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে। ৰহাৰ ৰজাগাঁৱৰ লক্ষ্যজ্যোতি ফুকন নামৰ যুৱকজনে আৰক্ষী আয়ুক্ত হীৰেন চন্দ্ৰ নাথৰ নামত ভুৱা ফে'চবুক একাউন্ট খুলি চলাই আছিল। বিষয়টো পােহৰলৈ অহাত আৰক্ষীয়ে এইজন যুৱকক গ্রেপ্তাৰ কৰিছে। লক্ষ্যজ্যোতি ফুকন নামৰ যুৱকজনে দুটাকৈ ভুৱা ফে'চবুক একাউন্ট চলাই আছিল বুলি আৰক্ষীৰ প্রাথমিক অনুসন্ধানত পােহৰলৈ আহিছে। উল্লেখযােগ্য যে খােদ আৰক্ষী আয়ুক্ত হীৰেন নাথে তেওঁৰ নামত কোনাে দুষ্টচক্রই ভুৱা ফেচবুক একাউন্ট চলােৱাৰ কথাটো দুদিন পূর্বে ৰাজহুৱা কৰিছিল।
Responsive Ads Here
Thursday, June 14, 2018

মহানগৰ আৰক্ষী আয়ুক্তৰ নামত ভুৱা ফেচবুক একাউন্ট খােলা যুৱকক আটক
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment