পথ দূৰ্ঘটনাত আহত ২ যুৱক : এজনৰ অৱস্থা অতি সংকটজনক - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Wednesday, June 13, 2018

পথ দূৰ্ঘটনাত আহত ২ যুৱক : এজনৰ অৱস্থা অতি সংকটজনক


বৰপেটা : বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত কুজাৰপীঠ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত মংগলবাৰে দিনৰ দুই বজাত নিয়ন্ত্ৰন হেৰুৱাই AS15K 3590 নং Yamaha বাইক এখনে ৰাস্তাৰ কাষত পৰি থকা শিলত খুন্দা মাৰে ফলত বাইক আৰোহী ধ্ৰুৱ ৰয় (২১)আৰু হৰজিৎ ৰয়(১৯) নামৰ যুৱক দুজন গুৰুত্বৰ ভাবে আহত হয়। আহত যুৱক দুজন পাটাচাৰকুচিৰ বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে যুৱক দুজনে হাউলীৰ পৰা পাঠশালা অভিমুখে গৈ থকা অৱস্থাত উক্ত দূৰ্ঘটনা সংঘটিত হয়। আহতদ্বয়ৰ ভিতৰত ধ্ৰুৱ ৰয়ৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷
হাউলী আৰক্ষীৰ সহযোগত স্থানীয় ৰাইজে ততাতৈয়াকে যুৱক দুজনক হাউলী চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ধ্ৰুৱ ৰয়ৰ অৱস্থা অতি সংকট জনক হোবা বাবে বৰপেটা মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰন কৰে।

No comments:

Post a Comment

SPONSORED