লিডু: যোৱা ৮ জুন তাৰিখে কাৰ্বিআলং জিলাৰ ডকমকাত দুই নীৰিহ যুৱকক একাংশ দুস্কৃতিকাৰীয়ে অতি নিৰ্মম ভাৱে হানি খুচি হত্যা কৰা ঘটনাই বৰ্তমান সমগ্ৰ ৰাজ্যতেই প্ৰৱল জোকাৰনি সৃষ্টি কৰিছে ৷ ৰাজ্যৰ চৌদিশে প্ৰকৃত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীত আৰম্ভ হৈছে বিভিন্ন প্ৰতিবাদ৷ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ লিডুটো মংগলবাৰে প্ৰয়াস এনজিঅ, সচেতন ৰাইজ আৰু লিডু মহাবিদ্যালয়ৰ ছাত্ৰ একাতা সভাৰ উদ্যোগত অকালতে প্ৰান হেৰুৱা নিলোৎপল দাস আৰু অভিজিৎ নাথৰ মৃত্যুৰ উচিত বিচাৰ তথা আত্মাৰ চিৰশান্তিৰ কামনাৰে এক মৌন সমদলৰ কাৰ্যসূচী অনুস্থিত হৈ যায়৷ সন্ধিয়াা প্ৰায় ৬,৩০ বজাত লিডু কলেজ তিনিআলিৰ পৰা লিডু বজাৰস্থিত গান্ধী মৈদামৰ লৈকে দুই শতাধিক যুৱক যুৱতি তথা পুৰুষ মহিলা সমাগত হৈ যুৱক দুজনৰ আত্মাৰ সদগতিৰ কামনাৰে প্ৰত্যেকেই এডালকৈ মমবাতি জ্বলাই এক মৌন সমদল বাহিৰ কৰে৷ প্ৰায় এক কিলোমিটাৰ বাট অতিক্ৰম কৰি লিডুৰ বজাৰস্থিত এলেকাৰ গান্ধী মৈদামত সকলোৱে উপস্থিত হৈ ৰাইজৰ মাজত এক সজাগতা সভাৰ অনুষ্ঠিত হয় ৷ উজ্জ্বল চৌধুৰীয়ে আঁত ধৰা সভাখনিত বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰা, লিডু অঞ্চলৰ অন্যতম সমাজসেৱক অনুপ বিশ্বাস, স্বপন ৰয় , মিতালী ৰয় , অৰুপ দে, মনুজ গগৈকে প্ৰমূখ্য কৰি বহু কেইজন জেষ্ঠ নাগিৰক৷ সভাত বিশিষ্ট ব্যক্তি সকলে প্ৰত্যেকেই যোৱা ৮ জুনত কাৰ্বিআলং জিলাত সংঘটিত হোৱা নাৰকীয় কাণ্ডৰ গভীৰ শোক প্ৰকাশ কৰি দুষিক কঠোৰ শাস্তি প্ৰদানৰ দাবীত যথেষ্ট গুৰুত্বপূৰ্ন মন্তব্য আগবঢ়ায়৷ লগতে অসমত যাতে দ্বিতীয়বাৰ এনে লোমহৰ্ষক ঘটনা পুনৰাবৃত্তি নঘটে তাৰ বাবে সকলোকে সজাগ আৰু সচেতন হৈ থাকিবৰ বাবে আহ্বান জনায় ৷
Responsive Ads Here
Wednesday, June 13, 2018

Home
আঞ্চলিক
লিডুত কাৰ্বিআলং কাণ্ডৰ ন্যায় বিছাৰি প্ৰয়াস সন্থা আৰু লিডু মহাবিদ্যালয়ৰ ছাত্ৰ একাতা সভাৰ উদ্যোগত মৌন সমদল
লিডুত কাৰ্বিআলং কাণ্ডৰ ন্যায় বিছাৰি প্ৰয়াস সন্থা আৰু লিডু মহাবিদ্যালয়ৰ ছাত্ৰ একাতা সভাৰ উদ্যোগত মৌন সমদল
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment