তামুলপুৰ : বাক্সা জিলাৰ শিক্ষামিত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নবীন বেজবৰুৱাৰ অকাল মৃত্যুত সমগ্ৰ অঞ্চলতে পৰিছে শোকৰ ছাঁ। তামুলপুৰ মহকুমাৰ অন্তৰ্গত কচুবাৰীৰ বাৰঙ্গাবাৰী গাঁৱৰ নিবাসী নবীন বেজবৰুৱা দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ আছিল। জানিব পৰা মতে তেওঁ ২০০৪ পৰা ২০১১ চনলৈকে দেউগুৰী ই জি এছ চেন্টাৰত শিক্ষামিত্ৰ হিচাপে কৰ্মৰত আছিল আৰু শিক্ষামিত্ৰৰ স্পেচিয়েল টেটত উত্তীৰ্ণ হ’ব নোৱাৰি বিগত কেইবছৰ মান ধৰি হতাশাত ভূগি আছিল। ২৬ মেত তেওঁ হৃদৰোগত আক্ৰান্ত হৈ চিৰ বিদায় মাগিলে। মৃত্যুৰ সময়ত তেওঁ এজনী ছোৱালী, এজন ল’ৰা আৰু সহধৰ্মীনীক ইহ সংসাৰত এৰি থৈ যায়।
Responsive Ads Here
Wednesday, June 13, 2018

বাক্সা জিলাৰ শিক্ষামিত্ৰ সন্থাৰ প্ৰাক্তন সভাপতিৰ অকাল মৃত্যু
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment