লাহৰীঘাট : মাথো এজাক বৰষুণ আৰু একাঁঠু পানী৷ পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনৰ বাঘজৰী দখল কৰা বিজেপি মিত্ৰজোঁট চৰকাৰৰ দিনত এনে ঘটনা ঘটি আছে চৌদিশে৷ মাথো এজাক বৰষুণতে ৰাস্তাৰ মাজত একাঁঠুলৈকে পানী জমা হৈ জনজীৱনত বাধাৰ সৃষ্টি কৰা এনে ঘটনা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত সৰ্বত্ৰে উপলব্ধ৷ আজি এজাক চিপচিপিয়া বৰষুণৰ পাছতেই লাহৰীঘাট বজাৰৰ মূল পথত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত যাতায়তত ব্যাপক অসুবিধাৰ সৃষ্টি হয়৷ লাহৰীঘাট থানাৰ সন্মুখৰ পৰা বজাৰৰ সিমূৰলৈ এজাক বৰষুণত ৰাস্তা পানীৰে পৰিপূৰ্ণ হৈ পথচাৰী যাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে, ৰাস্তাৰ দুয়োকাষে নিৰ্মীয়মান পকা নলাসমূহৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠাত বৰষুণৰ পানী পথৰ ওপৰতে আবদ্ধ হৈ কৃত্ৰিম বানপানীৰ সৃষ্টি কৰে ৷ যাৰ ফলত বজাৰখনৰ সাধাৰণ জীৱনযাত্ৰা ব্যহত হৈ পৰিছে৷
স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল আদি কেনে সমস্যাৰ সন্মুখিন হৈছে তাক সহজেই অনুমান কৰিব পাৰি৷ বজাৰখনৰ সদা ব্যস্ত ভূৰাগাওঁ-নগাঁও সংযোগী গড়কাপ্টানী পথত একাঠু পৰ্যন্ত পানী জমা হৈ থকাৰ বাবে পথটোৰে যাতায়াত একেবাৰে ব্যাহত হৈ পৰিছে ৷
কৃত্ৰিম বানৰ কবলত পৰি জীয়াতু ভুগি থকা এই বিস্তৃৰ্ণ অঞ্চলৰ দুৰ্ভগীয়া ৰাইজ তথা বিভিন্ন দল সংগঠনে এই দুৰ্দশাৰ সন্দৰ্ভত গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
No comments:
Post a Comment