চিৰাং : চিৰাং জিলাৰ গৰুভাষাৰ ৪২৭ নং নাগদৰবাৰী প্ৰাথমিক বিদ্যালয়ত দীৰ্ঘদিনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন বন্ধ হৈ থকাৰ অভিযোগ উত্থাপন হৈছে। প্ৰাপ্ত অভিযোগ মতে বিদ্যালয় খনৰ চাৰিজন শিক্ষকেই ৰাতিপুৱা ১০.৩০/১১ বজাত বিদ্যালয়লৈ আহে আৰু ১২ বজাতেই বিদ্যালয় ছুটি দিয়ে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক কেশব বাহাদুৰ ছেত্ৰী নিজে অবিচি চিৰাং জিলা সমিতিৰ সভাপতি, বিপিএফ দলৰ নেতা লগতে শিক্ষক সন্থা,গোৰ্খা সন্মিলনিৰ নেতা। ইয়াৰোপৰি এন আৰ চিৰ ডিউটিৰ অজুহাত দি মাহেকত মাথো দুই এদিন বিদ্যালয়লৈ আহে বুলিও ছাত্ৰ-ছাত্ৰীয়ে অভিযোগ কৰে। ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকৰ অভিযোগৰ পিচতে চিৰাং জিলা সমিতি সদৌ চাউতাল ছাত্ৰ সন্থা (আছু)ৰ এক সজাতি দলে বিদ্যালয়খন ভ্ৰমন কৰি বিদ্যালয় খনৰ বিৰুদ্ধে থকা অভিযোগ সমুহ লিখিত ভাৱে জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমুহৰ পৰিদৰ্শকক অভিযোগ দাখিল কৰে।
নেতা শিক্ষক সকলক নাকী লগোৱাৰ দাবী জনায় চাউতাল ছাত্ৰ সন্থাই।
ছাত্ৰ সন্থাটিয়ে আৰু অভিযোগ কৰে যে বিদ্যালয় খনৰ অইন শিক্ষক সকল ক্ৰমে মনোৰঞ্জন চৌধুৰী,পৱিত্ৰ কুমাৰ চৌধুৰী আৰু তাপস মল্লিক আটাইকেইজনেই কেতিয়াও নিৰ্দিষ্ট সময়ত বিদ্যালয়ত উপস্থিত নহয়। দিনৰ ১০.৩০/১১ বজাত বিদ্যালয়ত উপস্থিত হলেও মাথো এঘন্টা পাঠদান কৰিয়ে ১২ টা বা তাৰ আগেয়ে বিদ্যালয় ছুটি দি গুচি যায়। ইয়াৰোপৰি বিদ্যালয়খনত যোৱা দুই/তিনিমাহৰ পৰা বন্ধ হৈ আছে ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন। বিভাগীয় ভাৱে সঠিক সময় মতে মধ্যাহ্ন ভোজনৰ চাইল তথা টকা উঠোৱাৰ পিচত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন নিদিয়াৰ কাৰণ কি বুলিও ছাত্ৰ সংগঠনটিয়ে প্ৰশ্ন কৰে। অতি শীঘ্ৰে বিদ্যালয় সমূহৰ পাঠদানৰ ক্ষেত্ৰত হৈ থকা এই ধৰনৰ খাম-খেয়ালি কঠোৰ হাতেৰে দমন কৰাৰ দাবী জনায় সদৌ চাউতাল ছাত্ৰ সন্থাৰ চিৰাং জিলা সমিতিৰ সাধাৰন সম্পাদক ছোলোমান মুৰ্মুয়ে।
No comments:
Post a Comment