নাগ্ৰীজুলীৰ গুৱাবাৰীত চছিযেল মিডিয়াৰ অপপ্ৰচাৰ সোপাধৰাৰ নামত নিৰহী লোকৰ হত্যাৰ বিৰুদ্ধে ছাত্ৰ সংগঠনৰ নাগৰিক সজাগতা সভা - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Tuesday, June 12, 2018

নাগ্ৰীজুলীৰ গুৱাবাৰীত চছিযেল মিডিয়াৰ অপপ্ৰচাৰ সোপাধৰাৰ নামত নিৰহী লোকৰ হত্যাৰ বিৰুদ্ধে ছাত্ৰ সংগঠনৰ নাগৰিক সজাগতা সভা


তামুলপুৰ : সোমবাৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্বন আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলীৰ গুৱাবাৰীৰ মহেন্দ্ৰ নগৰৰ বজাৰত আবেলি ৫বজাত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।
সভাত বৰ্তমান সময়ত চ’ছিযেল মিডিয়াৰ জৰিয়তে সোপাধৰাৰ নামত অপপ্ৰচাৰ চলাই কাৰ্বি আংলং জিলাত নাৰকীয় ভাৱে অভিজিৎ নাথ আৰু নিলোৎপল দাস নামৰ দুজন প্ৰতিভাৱান শিল্পীক বৰ্বৰতাৰে অতি নিৰ্মমভাৱে ভাৱে হত্যা কৰিছিল।
সেই চ’ছিযেল মিডিয়াৰ অপপ্ৰচাৰত যাতে ৰাইজে ভোল নাযায় নাগ্ৰীজুলী,গুৱাবাৰী অঞ্চলত কোনো নিৰুপৰাধী অচিনাকি যুৱক আক্ৰমণৰ বলি নহয় সকলোকে লক্ষ্য ৰাখিবলৈ আহ্বান জনায়। লগতে অচিনাকি লোকক দেখিলেই আক্ৰমণ নকৰি আৰক্ষীক আৰু গাঁওৰক্ষী বাহিনীক খবৰ কৰিবলৈ অনুৰোধ জনায় নাগ্ৰিজুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিখিল সিনহা দেৱ আৰু মহেন্দ্ৰ নগৰ বজাৰ উন্নয়ন সমিতিৰ সভাপতি কৰ্ণ বিমলীয়ে আইন হাতত তুলি নলয় যিকোনো পৰিস্থিতিতে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়। সভাখন পৰিচালনা কৰে আগছুৰ বাক্সা জিলাৰ সাধাৰণ সম্পাদক মাধৱ ছেত্ৰীয়ে। সভাত উপস্থিত থাকে সদৌ বাঙালী যুৱ ছাত্র ফেডাৰেশ্বনৰ বাক্সা জিলাৰ সাধাৰণ সম্পাদক পৰিমল শীলৰ লগতে সংগঠন দুটাৰ নেতা কৰ্মী আৰু প্ৰায় শতাধিক স্থানীয় পুৰুষ মহিলাই উপস্থিত থাকে।

No comments:

Post a Comment

SPONSORED