বিষয়টো আৰক্ষীৰ দৃষ্টিগােচৰ হােৱাৰ পাছত তদন্ত আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। কিন্তু কোন ব্যক্তি এইক্ষেত্ৰত জড়িত সেই তথ্য আৰক্ষীয়ে সদৰী কৰা নাই। উল্লেখযােগ্য যে ভুৱা ফেচবুক একাউন্ট খুলি দুষ্ট প্রবৃত্তিৰ লােকে অন্য লােকৰ বিৰুদ্ধে অপপ্রচাৰ কৰি অহা সন্দৰ্ভত অসম আৰক্ষীৰ চাইবাৰ ক্রাইম শাখাত ইতিপূর্বে বহু গােচৰ ৰুজু হৈছে। ৰুজু হােৱা গােচৰৰ ভিত্তিত অসম আৰক্ষীৰ চি আই ডিৰ লগত সংলগ্ন হৈ থকা চাইবাৰ ক্রাইম শাখাই ইতিমধ্যে ফেচবুকৰ জৰিয়তে অসৎকার্যত লিপ্ত হােৱা বহু লােকক গ্রেপ্তাৰ কৰিছে। গ্রেপ্তাৰ কৰিবলৈ সক্ষম নােহােৱা লােকৰ বিৰুদ্ধে ফেচবুক কর্তৃপক্ষৰ ওচৰতাে অভিযােগ দাখিল কৰি আহিছে। কিন্তু তাৰ পাছতাে একাংশ বিকৃত মানসিকতাৰ ব্যক্তিয়ে সদায় ফেচবুক একাউন্ট অসৎ কার্যত ব্যৱহাৰ কৰি অহাৰ লগতে অন্য ব্যক্তিৰ নামত ভুৱা একাউন্ট খুলি বিভিন্ন ধৰণৰ বার্তা প্ৰেৰণ কৰি আহিছে। ফেচবুক ব্যৱহাৰৰ নামত এনেকৈ অসৎ উদ্দেশ্য চলাই অহা ব্যক্তিৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষীয়ে অভিযান কটকটীয়া কৰি তােলাৰ সময়তেই আৰক্ষী আয়ুক্তৰ নামত ভুৱা একাউন্ট চলি থকাৰ তথ্য আজি পােহৰলৈ আহে৷
Responsive Ads Here
Tuesday, June 12, 2018

Home
আঞ্চলিক
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেন চন্দ্র নাথৰ নামত ভুৱা ফেচবুক একাউন্ট : অসম আৰক্ষীৰ তদন্ত আৰম্ভ
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হীৰেন চন্দ্র নাথৰ নামত ভুৱা ফেচবুক একাউন্ট : অসম আৰক্ষীৰ তদন্ত আৰম্ভ
Tags
# আঞ্চলিক
Share This

About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)
No comments:
Post a Comment