কোকৰাঝাৰ : ভাৰতৰ চুকে কোণে সৰ্বদিশতে স্বচ্ছতা , পৰিষ্কাৰ পৰিচন্নতা ৰখাৰ উদ্দেশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান নামৰ অভিলাষী আঁচনি উন্মোচন কৰি দিয়াৰ ফলত কম বেছি পৰিমাণে হলেও ৰাজ্যৰ ভিন্ন প্ৰান্তত পৰিষ্কাৰ পৰিচন্নতা দেখিবলৈ পোৱা যায়। এতিয়া গাঁৱে-ভূঞে চাফ চিকুণৰ মাজেদি প্ৰদূষণমুক্ত পৰিবেশ সৃষ্টি কৰা উদ্দেশ্য আৰু লক্ষ্য আগত ৰাখি স্বচ্ছ স্বৰ্বেক্ষন গ্ৰামীণ২০১৮" নামৰ অভিলাচী আঁচনি ৰুপায়ন কৰিবলৈ হাতত লৈছে। তাৰেই এটা অংশ হিচাপে আজি কোকৰাঝাৰ বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত মংগলিক অনুষ্ঠানৰ জৰিয়তে কোকৰাঝাৰ জিলাত স্বচ্ছ স্বৰ্বেক্ষন গ্ৰামীণ২০১৮ চমুকৈ "এছ এছ জি-২০১৮" আঁচনি উন্মোচন কৰা হয়। কোকৰাঝাৰ জিলা পানী যোগান আৰু অনাময় সমিতিৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আঁচনিখন আমন্ত্ৰিত অতিথি সকলৰ উপস্থিতিত বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে বি টি চিৰ বিভাগীয় কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে। গোটেই ভাৰতবৰ্ষত উক্ত আঁচনি অহা ১ তাৰিখৰ পৰা ৩১আগষ্টলৈকে উন্মোচন কৰা হ’ব। আজি কোকৰাঝাৰত উক্ত আঁচনি উন্মোচন কৰি কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰীয়ে কয় যে স্বচ্ছ ভাৰত মিছনৰ যোগেদি যিমানখিনি টয়লেট বনাব সেই সমূহ স্বচ্ছ স্বৰ্বেক্ষন গ্ৰামীণ ২০১৮ আঁচনিৰ জৰিয়তে নিৰীক্ষণ কৰিব। ইতিমধ্যে বি টি চিৰ চাৰিখন জিলাৰ কোকৰাঝাৰ জিলাত লক্ষাধিক শৌচাগৰ নিৰ্মাণৰ লক্ষ্য আছিল তাৰে বেছি ভাগে নিৰ্মাণ কৰি তিনি সহস্ৰাধিক বাকী আছে বুলি জনায়৷ চিৰাং জিলাত সফলতাৰে শৌচাগৰ নিৰ্মাণ কৰা হ’ল বুলি প্ৰকাশ কৰে।
Responsive Ads Here
Friday, July 27, 2018
Home
আঞ্চলিক
কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানৰ পিছত অভিলাষী আঁচনি " স্বচ্ছ স্বৰ্ভেক্ষন গ্ৰামীণ২০১৮" উন্মোচন
কোকৰাঝাৰত স্বচ্ছ ভাৰত অভিযানৰ পিছত অভিলাষী আঁচনি " স্বচ্ছ স্বৰ্ভেক্ষন গ্ৰামীণ২০১৮" উন্মোচন
Tags
# আঞ্চলিক
Share This
About Sangbad Prahari
আঞ্চলিক
Labels:
আঞ্চলিক
Subscribe to:
Post Comments (Atom)
Author Details
No. 1 Assamese Web Media in North-East India. Maintained & Published by Saiyad Bulbul Jamanur Hoque on behalf of Save Media Solution (A unit of SAVE)


No comments:
Post a Comment