গোলাঘাট পুলিবৰত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ আটাছুৰ - SANGBAD PRAHARI

Breaking

Responsive Ads Here

Friday, July 27, 2018

গোলাঘাট পুলিবৰত বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ আটাছুৰ


গোলাঘাট : সদৌ তাই আহোম ছাত্ৰ সন্থাৰ(আটাছু) গোলাঘাট জিলাৰ পুলিবৰ আঞ্চলিক সমিতিয়ে আজি পুলিবৰ তিনি আলিত খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্ৰতিকৃতি দাহ কৰে। ছয় জনগোষ্ঠীৰ বিষয়ে উপলুঙাসূচক মন্তব্য কৰাৰ প্ৰতিবাদতেই সংগঠনটোৱে এই কাৰ্যসূচী ৰূপায়িত কৰে বুলি গোলাঘাট জিলা সমিতিৰ মুখ্য প্ৰচাৰ সম্পাদক অংকুৰ কোঁৱৰে জানিবলৈ দিয়ে৷
লগতে সংগঠনটোৱে ছয় জনগোষ্ঠীৰ চিন্তা কৰাৰ সলনি নিজ সমষ্টিৰ উন্নয়নৰ কথাহে চিন্তা কৰক বুলি মন্তব্য কৰে৷ ভৱিষ্যতে আহোম তথা ছয় জনগোষ্ঠীৰ বিষয়ে বিতৰ্কিত মন্তব্য নকৰিবলৈ সকীয়াই দি প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে৷ আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আটাছু গোলাঘাট জিলা সমিতিৰ যুটীয়া সম্পাদক গৌতম লাহন, জিলা মুখ্য সাংগঠনিক সম্পাদক পাৰ্থ প্ৰতিম কোঁৱৰ, পুলিবৰ আঞ্চলিক সমিতিৰ সভাপতি অজয় ফুকন, যুটীয়া সম্পাদক উজ্জ্বল গগৈ, অংকুৰ কোঁৱৰ, সহঃ সম্পাদক হেমন্ত শইকীয়া আৰু অৰ্ধ শতাধিক আটাছু কৰ্মী উপস্থিত থাকে৷

No comments:

Post a Comment

SPONSORED